পুনেৰ ইন্দ্ৰায়নী নদীৰ ওপৰত ভাঙি পৰিল সেতু
ৰঙিলী বাৰ্ত্তাসেৱা- মহাৰাষ্ট্ৰৰ পুনেত ইন্দ্ৰায়নী নদীৰ ওপৰত ভাঙি পৰিল এখন সেতু। ৰবিবাৰে দুপৰীয়া সংঘটিত এই দুর্ঘটনাৰ সময়ত সেতুৰ পৰা নদীত বাগৰি কৰে কমপক্ষেও ২০ গৰাকী লোক। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি ৫গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। কিন্তু অন্য ১৫গৰাকীৰ কোনোধৰণৰ সন্ধান পোৱা নাই উদ্ধাৰকাৰীয়ে। এই লোকসকলৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। খৰস্রোতা নদীৰ পানীয়ে এই ব্যক্তিকেইগৰাকীক উটুৱাই নিয়া বুলি আশংকা কৰা হৈছে। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফার্নাবিজে সংবাদ মাধ্যমক জনোৱা অনুসৰি ইতিমধ্যে ২জনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। দুর্ঘটনাটোত আহত হৈছে অন্য ৩২গৰাকী লোক। আহত লোকসকলৰ ৬জনৰ অৱস্থা সংকটজনক। পুনেৰ পিম্পৰি-চিঞ্চৱাড় থানা অঞ্চলৰ কুন্দমালা গাঁৱৰ সমীপত সংঘটিত হৈছে এই দুর্ঘটনা। ইন্দ্রায়নী নদীৰ ওপৰত থকা এই পুৰণি দলংখন পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। গতিকে সপ্তাহৰ শেষত ছুটীৰ সময়ত এই সেতুত গৈ ভিৰ কৰে পৰ্যটকসকলে। আজিও সেতুৰ ওপৰত পৰ্যটকসকলৰ ভিৰ আছিল। দুর্ঘটনাত নদীত পৰি যোৱা লোকসকলৰ আটাইকেইগৰাকীয়েই পর্যটক আছিল বুলি চৰকাৰী সূত্ৰত প্রকাশ। স্থানীয় এক সূত্ৰই সদৰী কৰা অনুসৰি ভাঙি পৰা সেতুৰ তলত দুগৰাকী মহিলা আবদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰৰ চেষ্টা চলাই আছে এনডিআৰএফে।