পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বোকাখাতত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।মাতৃক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত আটক হৈছে দুই পুত্ৰ। বোকাখাত সাপজুৰি বঙালী গাৱঁত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড।ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, সাপজুৰী অঞ্চলৰ নিবাসী শেৱালি গগৈ বৰা নামৰ মহিলাগৰাকীক দুই পুত্ৰই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্ত পুত্ৰ চন্দন বৰা আৰু মামু বৰাক মাতৃ হত্যাৰ অভিযোগত আটক কৰিছে। এই পৰ্যন্ত ঘটনাৰ কোনো কাৰণ জানিব পৰা নাই। ইতিমধ্যে আৰক্ষীয়ে মৃত শেৱালি গগৈ বৰাৰ মৃতদেহ উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।