পুত্ৰস্নেহ – নাজবিন চুলতানা

PC - Pinkvilla
পুত্ৰস্নেহ
নাজবিন চুলতানা, পাটসাঁকো
মাতৃৰ ত্যাগ কিমানৰ চকুত পৰে ? কিমানে অনুভৱ কৰিব পাৰে মাতৃৰ যন্ত্ৰণা ? গণি শেষ নোহোৱা,বিনিময় দিব নোৱাৰা ,এগৰাকী মাতৃৰ বাবে অন্ত নপৰা কষ্টৰ সামান্য অনুভৱেই যেন যথেষ্ট।সামান্য যত্নই যেন জন্নতৰ আৰাম।তেওঁৰ চকুপানীৰ মূল্য দিব নোৱাৰো কিন্তু চকুপানীৰ মূল বুজিলেই যথেষ্ট, তেওঁৰ বাবে সেয়াই সুখ ।এটা যুগ আছিল, কয় বোলে ১অনা,২অনা,১০পইচা, ৫ পইচা ,১টকা আদিৰ প্ৰচলিত মুদ্ৰাৰে ঘৰ সংসাৰ চলিছিল।কৃষিপ্ৰধান সমাজত খেতিয়ে আছিল জীৱন নিৰ্বাহৰ মূল জীৱিকা।প্ৰত্যেক মানুহেই জড়িত আছিল কৃষিৰ লগত নিজাই হওক বা আধিয়েই।কষ্টই আছিল জীৱন জীয়াৰ উপায়স্বৰূপ।পাঁচোটাকৈ সন্তান বুকুত বান্ধি সাধ্যনুসায়ী যত্ন কৰি এখন গাঁৱৰ এগৰাকী মাতৃয়ে স্বামীৰ সমানে সমানে সংসাৰ চলাই নিয়ে।ল’ৰা-ছোৱালীকেইটাক পঢ়াবলৈ,দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ,পেটৰ ভোক গুজিবলৈ তেওঁ আনৰ ঘৰত দিনটোলৈ ধান মৰা,ধান বন্ধা,ৰোৱা-তোলা আদি কামে বছৰ বছৰ ধৰি কৰি আহিছে।দিনটোলৈ খোৱা-বোৱাৰ ঠিকনা হেৰুৱাত বেমাৰলৈ ভ্ৰক্ষেপ নকৰি মাত্ৰ কৰি গ’ল নিজৰ কৰ্ম।দৰিদ্ৰতাই লগ নেৰা পুত্ৰ-জী ৰো দশা একে থাকি গ’ল।প্ৰয়োজন পূৰাবলেও টনা-আজোৰা।পঢ়া আধাতে সামৰা পুত্ৰৰ দিন-হাজিৰাই পূৰাব নোৱাৰে অভাৱ।কেতিয়াবা লঘোণে যায় দিন।উপাৰ্জনমুখী হোৱাৰ পৰা পুত্ৰই মাতৃৰ কষ্টকৰ কামবোৰৰ পৰা অব্যাহতি দিলে।বোলে বহুত হ’ল ,বহুত কৰিলি আই এতিয়া বহ তই।একেগৰাকী মাকৰ সন্তান হৈয়ো চিন্তাশক্তি ইটোৰ আনটোৰ সৈতে ভিন্ন। নিজৰ নিজৰ সংসাৰৰ প্ৰয়োজন পূৰণত ব্যস্ত সকলো। ভোক-পিয়াহত কষ্ট কৰি বেমাৰৰ ভিন্নৰূপী বেশ মাকৰ। কল-গাখীৰ আছিল তেওঁৰ প্ৰিয় খাদ্য।সদায়ৰ দৰে যোগান দিয়াৰ ক্ষমতা সৰু পুত্ৰৰ নাছিল।ক’বও নোৱাৰে যে আজি মই নোৱাৰিলো আনি দিব। মাকৰ হেঁপাহ পূৰাবলৈ তেওঁৰ সৰু পুত্ৰই তাৰ এটাই থকা চুৱেতাৰটোকে মানুহ এজনৰ ওচৰত বন্ধকত দিলে।সেই পইচাৰেই মাকৰ বাবে খোৱা যোগাৰ কৰে। সময় সলনি হ’ল,পাচঁশ টকাটো মোনা ভৰি নহা হ’ল বজাৰ।দিন-হাজিৰা পইচাই ঘৰ চলোৱাত অসুবিধা যথেষ্ট হ’ল।পইচাৰ বাবে যিকোনো কামে তেওঁ কৰে ,বিচাৰে… একমাত্ৰ মাকৰ ভোক সামৰিবলৈ।কিন্তু কেতিয়াবা পৰিয়ালটোৰ লগতে মাকেও ভোকত সময় কটাব লগা হয় যুগৰ লগত কাম নাপায় হাৰ মানিব লগা হয়।নাথাকে কোনো সুধোঁতা তেওঁক।মাত্ৰ দুখখিনি এঠাইত বহি চিগাৰেটৰ সৈতে চেপি ৰাখে অন্তৰত এই সৰু পুত্ৰজনেই।আজি নাই তেওঁৰ কাষত মাক।কাঢ়ি নিছে বিধাতাই।ধৈৰ্য্যৰে মাকৰ মৃত্যুৰ আগমুহূৰ্তৰ পৰা পুত্ৰ হিচাপে থকা দায়িত্ববোৰ পালন কৰি গ’ল।তেওঁৰ যেন অভ্যাস আছিল মাক।উঠোঁতে-বহোঁতে,খাওঁতে-শুওঁতে চকুৰ পলক আছিল মাক।কেতিয়াবা দুয়োৰে কাজিয়া,কেতিয়াবা মাকৰ মুখত খাব মন যোৱা কিবা ওলালে ধাৰ কৰিও লৈ আহি একেলগে বহে।চকুপানীৰ তেওঁৰো সীমা আছিল,কবৰ দি আহি বাথৰুমত কাৰোৰ অনুপস্থিতিত বেৰত আওজি কান্দি কান্দি বহি পৰা এই পুত্ৰজন এতিয়া মৌন।।