পুত্ৰমোহ – নাজবিন চুলতানা

PC - Tierce Green
পুত্ৰমোহ
নাজবিন চুলতানা, বকতা
দেউতা,
কিদৰে কওঁ আজি তোমাক
ধৈৰ্য্যৰ শিকলিৰে মেৰিয়াই ধৰা
মোৰ কুলক্ষণ জীৱনৰ কথা ।
কিদৰে কওঁ আজি মোৰ
বাৰে বাৰে বিপথে যোৱা
অসহায় পৰাজয়ৰ কথা ।
তোমাৰ অজস্ৰ হেঁপাহ আছিল
মোৰ জন্মৰ দিনটো,
তোমাৰ অজস্ৰ কল্পনা আছিল
মই উপজা বুলি শুনিবলে ।
কৰ্মস্থলীৰ পৰা মই অহাৰ বাতৰি পাই
উধাতু খাইছিলা,
ঘামে ধোৱা শৰীৰেৰে খালী ভৰিৰে
উজ্বল মুখনিৰে ,
তুমি কাষ চাপিছিলা মোৰ ।
কিন্তু মই,
তোমাৰ হেঁপাহবোৰৰ সলনি
মাটিত সৰালোঁ নিথৰ চকুলো ,
হেঁতা হাঁহিৰে মাথোঁ কৈছিলা…
ছোৱালী ।
দেউতা,
সেইদিনাৰ পৰা তুমি সুখী আছিলা,
যিদিনা সন্তান হিচাপে এটি ল’ৰা
তোমাৰ হাতত পাইছিলা ।
তোমাৰ কান্ধত উঠাই
পৃথিৱী দেখুওৱালা,
দুভৰিত থিয় হৈ শক্তিশালী হোৱাৰ
সাহস দিছিলা ।
নিজে লঘুণে থাকি
আমাক খুৱাইছিলা,
আমাৰ প্ৰত্যেকটো অভাৱে প্ৰথম
তোমাৰ সৈতে যুঁজ দিয়া যুঁজাৰো হৈ
সদায় থিয় দিছিলা,
দিনটো এটুপি পানী নোখোৱাকৈ
মুখত হাঁহি বিৰিঙাবলৈ উপাৰ্জন কৰিছিলা,
সীমা হেৰুওৱাই পুত্ৰক মৰম দিছিলা
কাৰণ বুঢ়াকালৰলৈকে সি কাষত থাকিব ।
কিন্তু আজি,
তুমি তাৰ চকুত চকু থৈ
চিঞৰ সহ্য কৰিব নোৱাৰা বয়সত
কথা ক’ব নোৱাৰা হ’লা ।
যি ভোক সহ্য নহ’ব বুলি যুঁজ দি আহিছিলা,
সেই ভোক আজিও তুমি
সহ্য কৰিব লগা হৈছে ।
তোমাৰ চিকিৎসাৰ বাবে
এটা ফুটাকৰিও তোমাৰ ল’ৰাৰ
পকেটৰ পৰা নোলাই ।
তোমাৰ শৰীৰ-মন অসুখী
যন্ত্ৰণাৰ কাৰণ তোমাৰ পুত্ৰৰ কৰ্কথনা ।
আৰু মই,
মই আজি তুমি ইমানদিনে
পুঁহি ৰখা এটি আৱৰ্জনা ,
দেখিও নেদেখা
শুনিও নুশুনা ।
তুমি শুদ্ধ আছিলা যে
ল’ৰা জীৱনৰ সাৰথি যি
উপাৰ্জনৰ চাহিদা নিশ্চয় পূৰাব,
কিন্তু একান্তৰ অত্যন্ত মোহ
তোমাৰ ভুল আছিল ।
পৃথিৱীৰ দুষ্টচক্ৰৰ পৰা
সমাজৰ দৃষ্টিত
লজ্জাবোধ কৰাৰ পৰা বাচিবলে
বন্দী কৰাই,
তোমাৰ মৃত্যু বিচাৰি
চটফটাই থকা মুখখন চাবৰ বাবে
এতিয়া এৰি দিছা মোক
দেউতা… ।