পুত্রৰ সফলতাত গৌৰাম্বিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

পুত্রৰ সফলতাত গৌৰাম্বিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নন্দিল বিশ্ব শৰ্মাৰ বাহৰেইনত আইৰনমেন ৭০.৩ত সফলতা

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই ক্ৰীড়াক্ষেত্ৰত লাভ কৰিছে বিশেষ সফলতা । বাহৰেইনত আয়োজিত আইৰনমেনৰ প্ৰতিযোগিতাত মুখ্যমন্ত্রীৰ পুত্রই এই সফলতা লাভ কৰিছে ।নন্দিল বিশ্ব শৰ্মাই যোৱা ৫ ডিচেম্বৰত বাহৰেইনত অনুষ্ঠিত আইৰনমেনত ৭০.৩ লক্ষ্য সম্পূৰ্ণৰে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে এই প্রতিযোগিতাত ১.৯ কিলোমিটাৰ সাঁতোৰ, ৯০ কিলোমিটাৰ চাইকেলচালনা আৰু ২১.১ কিলোমিটাৰ দৌৰসহ মুঠ ৬ ঘণ্টা ৪৮ মিনিটত সকলোখিনি সম্পূর্ণ কৰিবলৈ তেওঁ সক্ষম হৈছে। মাত্র ৩-৪ মাহৰ প্ৰস্তুতিৰেই এই বৃহৎ ইভেন্টটো উদ্যমেৰে সমাপ্ত কৰিবলৈ সক্ষম হোৱা নন্দিল বিশ্ব শর্মাই পৰৱৰ্তী সময়ত সম্পূৰ্ণ আইৰনমেন হোৱাৰ লক্ষ্য থিৰাং কৰিছে।

সম্পূর্ণ আইৰনমেনৰ লক্ষ্য অতিক্ৰম কৰিবলৈ তেওঁ ৩.৮ কিলোমিটাৰ সাঁতোৰ, ১৮০ কিলোমিটাৰ চাইকেলচালনা আৰু ৪২.২ কিলোমিটাৰ দৌৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত অতিক্ৰম কৰিব লাগিব। পুত্ৰৰ এই সফলতাত গৌৰৱান্বিত হৈ পৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই খবৰ সদৰী কৰিছে। পুত্ৰৰ এই কৃতিত্ব সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে ‘এগৰাকী গৌৰৱী পিতৃৰ অনুভৱেৰে’ কয়, “৫ ডিচেম্বৰ, শুকুৰবাৰে পুত্ৰ নন্দিলে বাহৰেইনত আইৰনমেন ৭০.৩ সম্পূৰ্ণ কৰে । এক কষ্টকৰ ১.৯ কিলোমিটাৰ সাঁতোৰ, ৯০ কিলোমিটাৰ চাইকেল আৰু ২১.১ কিলোমিটাৰ দৌৰ- এই সকলোখিনি একেটা উদ্যমেৰে সফলতাৰে সমাপ্ত কৰে ।

মাত্ৰ ৩-৪ মাহৰ প্ৰস্তুতিৰে এইখিনি তেওঁ ৬ ঘণ্টা ৪৮ মিনিটত সম্পূৰ্ণ কৰিছিল । নন্দিলৰ এতিয়া পৰৱৰ্তী লক্ষ্য সম্পূৰ্ণ আইৰনমেনৰ ওপৰত, য’ত অতিক্ৰম কৰিব লাগিব ৩.৮ কিলোমিটাৰ সাঁতোৰ, ১৮০ কিলোমিটাৰ চাইকেল আৰু ৪২.২ কিলোমিটাৰ দৌৰ৷ অহা মে’ মাহত বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পূৰ্বেই এই জয় কৰাৰ আশা কৰিছে । সীমাৰ পৰিধি ভেদ কৰি আগুৱাই যাবলৈ ঈশ্বৰে এনেকৈয়ে সদায় শক্তি, আনন্দ আৰু সাহস প্ৰদান কৰক- তাকেই প্ৰাৰ্থনা কৰিলো ।” পুত্ৰৰ এই সফলতাত আনন্দ প্রকাশ কৰি সামাজিক মাধ্যমযোগে ৰিণিকি ভূঞা শৰ্মাই বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে কঠোৰ নিয়মাৱলীৰ মাজেৰে পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে এই কৃতিত্ব নন্দিল বিশ্ব শর্মাই লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। পুত্ৰৰ এই সফলতাই তেওঁৰ লগতে পিতৃ তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকো গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰিছে।