পুতলা নাচৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু সমাৰোহৰ সামৰণি

পুতলা নাচৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু সমাৰোহৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  সুৰজিৎ একাডেমীৰ উদ্যোগত, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনৰ সহযোগত গুৱাহাটীৰ পাণ্ডুৰ টেম্পল ঘাটত অৱস্থিত ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা”গৌৰৱজ্বল পুতলা নাচ শিল্প আৰু ইয়াৰ সামাজিক গুৰুত্ব”ৰ ওপৰত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু সমাৰোহৰ সফল সামৰণি পৰে। আলোচনা চক্ৰৰ শেষৰ দিনটোত “অসমৰ লোক নাট্য আৰু ইয়াৰ সামাজিক প্ৰভাৱ: পুতলা নাচ বিশেষ সন্দৰ্ভত” বিষয়বস্তুৰ ওপৰত সমল ব্যক্তি হিচাপে বক্তৃতা প্ৰদান কৰে স্বনামধন্য যশস্বী ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিনেতা, পৰিচালক দয়াল কৃষ্ণ নাথে।আনহাতে “ ভৰতৰ কন্তেম্পৰাৰী পুতলা নাচ” বিষয় লৈ বক্তৃতা প্ৰদান কৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাই।শৰ্মাই পুতলা নাচৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মনযোগ কিদৰে বঢ়াব পাৰি সেয়াও সুন্দৰ ৰূপত সকলোৰে সন্মুখত প্ৰদৰ্শন কৰে। ইপিনে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপ প্ৰাপ্ত তথা এণ চি ই আৰ টি, চি চি আৰ টি, বিজ্ঞান প্ৰসাৰ, এছ চি ই আৰ টিৰ সমল ব্যক্তি, সুৰজিৎ একাডেমীৰ অধ্যক্ষা বিনীতা দেৱীয়ে পুতলা নাচৰ ইতিহাস সম্পৰ্কে ব্যক্তব্য আগবঢ়াই। আনহাতে ৰূপক বৈশ্যই আঁত ধৰা আলোচনা চক্ৰৰ পিছতেই ত্ৰিপুৰাৰ তৃপুৰীস্বৰী পুতলা থিয়েটাৰে সুৰেশ চন্দ্ৰ দাসৰ পৰিচালনাৰে “ৰজা হৰিচন্দ্ৰ” নাট পৰিৱেশন কৰে। শেষত শলগাৰ শৰাই আগবঢ়াই দিপা মহন্তই। আলোচনা চক্ৰ আৰু সমাৰোহ সজসজ্জাত সহায় কৰে প্ৰণৱ জ্যোতি ৰাভা আৰু গণেশ বড়ো। তিনিদিনীয়াকৈ অনুষ্ঠিত আলোচনা চক্ৰত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুতলা নাচৰ শিল্পী সুভাশিস সেন, অসমৰ স্বানাম ধন্য অভিনেতা, পৰিচালক, নাট্যকাৰ প্ৰভাত গোস্বামীৰ লগতে ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনৰ অধ্যক্ষা ড. গীতাঞ্জলি চৌধুৰী। আলোচনা চক্ৰ আৰু সমাৰোহত ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনৰ লগতে বহু কেইখন বিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে।