পুখুৰী বিবাদ – ইভা গন্ধীয়া ফুকন

Pc- অসমীয়া ৱিকিপিডিয়া -Wikipedia

পুখুৰী বিবাদ

 ইভা গন্ধীয়া ফুকন

জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী মিঠা পুখুৰী আদি
শুনিছোঁ ঐতিহাসিক পুখুৰীৰ নাম
অসম মেঘালয় সংযোগী পুখুৰী
ই নিশ্চয় নহয় সাধাৰণ পুখুৰী
সেয়ে বঙহৰ বাই ভনীয়ে লাগে অৰিয়াঅৰি
লাগে মৰিয়ামৰি
পুলিচ প্ৰশাসনে চাই থাকে ভেবা লাগি
ইখন ৰাজ্যৰ জনতাই নেৰে নিজৰ দাবী
সিখনৰো  একে স্থিতি
থাক পুখুৰী মাজতে পৰি
অবশেষে বহিল বৈঠক দুয়ো ৰাজ্যৰ জনতাৰ
কৰিলে উভয়ে স্বাক্ষৰ নকৰোঁ বিবাদ
কিবা থাকিলে আপত্তি
মীমাংসা কৰিম নিজৰ মাজতে
এইয়া বাই ভনীৰ কাজিয়া
হওক ক্ষন্তেকীয়া।