পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাবটিলে পিতা-পুত্ৰই
ৰঙিলী বাৰ্ত্তাসেৱা- ছিপাঝাৰ-ৰ সেনাপতিপাৰাত সংঘটিত হল এক অঘটন। পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুব আঁকোৱালি ললে পিতা-পুত্রই। দেওবাৰে দুপৰীয়া পিতৃৰ সৈতে পুখুৰীত গা ধুবলৈ গৈছিল পাঁচ বছৰীয়া পুত্র কৃষ্টিমান চহৰীয়া। কৃষ্টিমান চহৰীয়া নামৰ পাঁচ বছৰীয়া সন্তানটোৰ গা ধুই থকা অৱস্থাত ডুব গৈ সলিল সমাধি ঘটে। পতৃ ধীৰাজ চহৰীয়াও ডুব গৈছিল পুখুৰীত। সংকটজনক অৱস্থাত ৰাইজে উদ্ধাৰ কৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আই, চি. ইউ.ত ভৰ্তি কৰায় পিতৃ ধীৰাজ চহৰীয়াক। উল্লেখ্য যে পিতৃ ধীৰাজ চহৰীয়াৰ নিশা ১০ বজাত চিকিৎসালয়ত মৃত্যু হয়। এই কৰুণ তথা হৃদয়বিদাৰক ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্র ছিপাঝাৰত।