পুখুৰীতকৈ মাছ কেতিয়াও ডাঙৰ নহয় অৰ্থাৎ ডাঙৰ মাছৰ বাবে ডাঙৰ পুখুৰীৰ দৰকাৰ – চন্দ্ৰ শেখৰ পৰাজুলী

পুখুৰীতকৈ মাছ কেতিয়াও ডাঙৰ নহয় অৰ্থাৎ ডাঙৰ মাছৰ বাবে ডাঙৰ পুখুৰীৰ দৰকাৰ

চন্দ্ৰ শেখৰ পৰাজুলী,বিশ্বনাথ চাৰিআলি

কৃত্ৰিমভাৱে সৃষ্টি কৰা বন্ধ পানীৰ সৰু জলাশয়ক পুখুৰী বুলি কোৱা হয়। পুখুৰীত সচৰাচৰ মাছ, কাছ আদি পোহ-পালন কৰা হয়। আচলতে আমি সদায় পুখুৰীৰ দীঘ আৰু প্ৰস্থ চাই সহজেই ডাঙৰ দীঘল হব পৰা প্ৰজাতিবোৰৰ মাছৰ পোনাবোৰ পুখুৰীত পুহিবলৈ পানীত এৰি দিওঁ। এতিয়া কথা হল আমি কেতিয়াও এইটো ভুল নকৰোঁ যে, ঠিক এক পুখুৰীৰ আয়তনতকৈ অধিক ডাঙৰ মাছৰ প্ৰজাতি আমি কেতিয়াও সৰু পুখুৰী এটাত এৰি নিদিওঁ।কাৰণ আমি জানো যে,ডাঙৰ প্ৰজাতিৰ মাছ এটা ডাঙৰ দীঘল হবলৈ হলে সদায় বৃহত আকাৰৰ ঠাইৰ দৰকাৰ হয়। সেয়েহে আমি হয়তো প্ৰয়বোৰ মানুহে গম পাওঁ যে ,পুখুৰীতকৈ মাছ কেতিয়াও ডাঙৰ নহয় অৰ্থাৎ ডাঙৰ মাছৰ বাবে ডাঙৰ পুখুৰীৰ দৰকাৰ হয়। কিন্তু বৰ্তমান সময়ত আমি মানুহবোৰে পুখুৰীৰ সঠিক আয়তনৰ অনুমান নোলোৱাকৈ পুখুৰীত জপিয়াই দিবলৈ ইচ্ছা প্ৰকাশ কৰোঁ। ফলত পুখুৰীৰ নামত আমি কেৱল এটি সামান্য খালত সোমাই কিছুদিনৰ পিচত তিলবিলাই মৃত্যুক আকোঁৱালি লব লগা হয়।

আচলতে আমি নিজকে লৈ এইটোৱেই ডাঙৰ ভুলৰ ওপৰত ভুল কৰি গৈছোঁ যে,আমি বৰ্তমান সময়লৈকে নাজানো আমি খালত,পুখুৰীত,নদীত নে সমুদ্ৰত জপিয়াব লাগে । আমি ইমানেই মূৰ্খ যে পানী দেখিলেই একো চিন্তা চৰ্চা নকৰাকৈ আনৰ পৰামৰ্শমতে জপিয়াই দিবলৈ প্ৰস্তুত হৈ পৰো।কিন্তু বৰ্তমান সময়ৰ প্ৰায়বোৰ মানুহে আপোনাৰ বেয়াটো চিন্তা কৰি ভুল পৰামৰ্শ প্ৰদান কৰে।গতিকে আনৰ পৰামৰ্শত নহয় নিজৰ বিবেক বুদ্ধিৰ প্ৰয়োগ কৰি প্ৰথমতে পুখুৰীৰ সঠিক আয়তন লগতে গুণগত মানদণ্ড নিৰূপণ কৰাৰ পিছতে পুখুৰীত জাপ দিবলৈ ইচ্ছা প্ৰকাশ কৰক। নহলে ডাঙৰ সমুদ্ৰৰ লালসা দেখুৱাই বৰ্তমান সময়ৰ প্ৰায়বোৰ মানুহে আপোনাক কেৱল খালতে পেলাবলৈ যত্ন কৰিব। আমি একেবাৰে সমুদ্ৰত জপিয়াবলৈ চেষ্টা কৰিব নালাগে। প্ৰথমে আমি পুখুৰী, নদীবোৰত খেলি অলপমান ডাঙৰ হৈ সমুদ্ৰৰ পিনে ঢাপলি মেলিব লাগে।কিন্তু সেইবুলি মানুহৰ নলগা কথাবোৰ শুনি দুৰ্গন্ধ যুক্ত খালত সোমাই মৰিবও নালাগে। গতিকে উপৰোক্ত আলোচনাৰ পৰা এটা কথা হয়তো স্পষ্ট হৈ পৰিছে যে, পুখুৰীতকৈ মাছ কেতিয়াও ডাঙৰ নহয় অৰ্থাৎ ডাঙৰ মাছৰ বাবে ডাঙৰ পুখুৰীৰ দৰকাৰ হয়।