পুঁজিপতি আম্বানীৰ চিৰিয়াখানালৈ জন্তু হস্তান্তৰৰ বিৰোধিতা কৰা অসম তৃণমূল কংগ্ৰেছৰ নেতাৰ ওপৰত জপিয়াই পৰিল আৰক্ষী-চিআৰপিএফ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্তু পুঁজিপতি আম্বানীৰ চিৰিয়াখানালৈ হস্তান্তৰ কৰাৰ বিৰোধিতা কৰি স্মাৰক পত্ৰ প্ৰদানৰ বাবে যোৱা অসম তৃণমূল কংগ্ৰেছৰ নেতাৰ ওপৰত জপিয়াই পৰিল অসম আৰক্ষী। অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত পূৰ্বপৰিকল্পিতভাৱে সষ্টম হৈ থকা আৰক্ষী-চিআৰপিএফ বাহিনীয়ে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদান কৰি থকাৰ সময়তে অসম তৃণমূল কংগ্ৰেছৰ দিলীপ কুমাৰ শৰ্মা, দিগন্ত ভূষণ বৰ্মন, মেহবুব হুছেইন, পলাক্ষী দাস, ঘনকান্ত চুতীয়া, স্মৃতি শৰ্মা, ডা: জ্যোতিৰ্ময় লহকৰক টানি-চোঁচৰাই বলপূৰ্বক গ্ৰেপ্তাৰ কৰি চচলৰ প্ৰতিবাদস্থলীলৈ লৈ যায়৷চচলত গৈও প্ৰতিবাদকাৰীসকলে ‘অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্তু ব্যক্তিগত চিৰিয়াখানাক হস্তান্তৰ বন্ধ কৰক’, ‘পুঁজিপতি আম্বানীক সন্তুষ্ট কৰাৰ নামত চৰকাৰৰ অভিসন্ধি মানি লোৱা নহ’ব’, ‘অসমৰ ৰাইজক আন্ধাৰত ৰাখি সিদ্ধান্ত লোৱা নচলিব’, ‘অসম বিৰোধী বিজেপি চৰকাৰ হুঁচিয়াৰ’, ‘ড° হিমন্ত বিশ্ব শৰ্মা আপোনাৰ যি মন যায় তাকে কৰা নচিলব’, ‘অসমৰ ৰাইজক বুঢ়া আঙুলি দেখুৱাই চৰকাৰ চলোৱা নচলিব’, ‘অসম, বিজেপিৰ পৈতৃক সম্পত্তি নহয়’, ‘অসমৰ ওপৰত অসমৰ ৰাইজৰ অধিকাৰ’, ‘অসম চৰকাৰক বিজেপিৰ এজেণ্ডা পূৰণৰ ডাম্পিং গ্ৰাউণ্ড কৰা নচলিব’,
‘বিজেপিৰ লাভৰ বাবে অসমক পুঁজিপতিৰ হাতত আঁঠু লোৱা নচলিব’, ‘আমাৰ সম্পদ আমাৰ অধিকাৰ বিজেপি কোন তুমি? সাৱধান, হুঁচিয়াৰ’, ‘অসম তৃণমূল কংগ্ৰেছ জিন্দাবাদ, ‘আম্বানি চিৰিয়াখানালৈ প্ৰেৰণ কৰা জন্তু সম্পৰ্কে চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰক’, ‘ৰাইজৰ সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰক’ আদি শ্ল’গানেৰে চৰকাৰক থকাসৰকা কৰে।পিছত চচলৰ প্ৰতিবাদস্থলীত অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্তু আম্বানী জুলৈ হস্তান্তৰ কৰাৰ পৰা বিৰত থকাৰ দাবী সম্বলিত অসম তৃণমূল কংগ্ৰেছৰ স্মাৰক পত্ৰ গ্ৰহণ কৰে পূৱ মণ্ডলৰ এচিপি হিমাংশু দাসে।