পীয়াৰলেছ মাল্টি স্পেচিয়েলিটী হাস্পতাল উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে

পীয়াৰলেছ মাল্টি স্পেচিয়েলিটী হাস্পতাল উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ সৈতে দেশৰ প্ৰতিষ্ঠিত কোম্পানী পীয়াৰলেছ গ্রুপে এডভান্টেজ আছাম ২.০ত  কৰা বুজাবুজিৰ চুক্তি অনুসৰি গুৱাহাটীত আৰম্ভ কৰা ‘পীয়াৰলেছ হাস্পতাল, গুৱাহাটী’ৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে।  গড়চুকৰ আহোমগাঁৱত ৩০০খন বিছনাযুক্ত এই  মাল্টি স্পেচিয়েলিটী টার্চিয়েৰী কেয়াৰ হাস্পতালখন স্থাপন কৰা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই হাস্পতালখন উদ্বোধন কৰি দিয়া ভাষণত কয় যে অসমত বিভিন্ন খণ্ডত বিনিয়োগ বৃদ্ধিৰ উদ্দেশ্যেৰে অসম চৰকাৰে যোৱা ফেব্ৰুৱাৰী মাহত আয়োজন কৰা এডভান্টেজ আছাম ২.০ ত যিমানবোৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল তাৰে প্ৰায়বিলাকেই বাস্তৱ ক্ষেত্ৰত ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰে কোনো কোম্পানীয়ে কাম আৰম্ভ কৰিছে, কোনোৱে তেওঁলোকৰ প্রকল্প উদ্বোধন কৰিছে আৰু আন কোনোবাই চৰকাৰৰ সৈতে কথা-বতৰা পাতিবলৈ আৰম্ভ কৰিছে। এডভান্টেজ আছাম ২.০ত চুক্তি স্বাক্ষৰ কৰাৰ পাছত যোৱা ছমাহত অসম চৰকাৰৰ বিষয়াসকলে পীয়াৰলেছ গ্ৰুপৰ লগত একেলগে কাম কৰি হাস্পতালখন মুকলি কৰিব পৰাকৈ সাজু কৰা বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে পীয়াৰলেছ গ্রুপ ভাৰতৰ এটা অতি পুৰণি কোম্পানী। প্রথমে তেওঁলোকে বিত্তীয় খণ্ডত কাম কৰি পৰৱৰ্তী সময়ত স্বাস্থ্যখণ্ডকে ধৰি আন ক্ষেত্ৰলৈ ব্যৱসায় সম্প্ৰসাৰণ কৰে। পশ্চিমবংগত দুখনকৈ হাস্পতাল থকা পীয়াৰলেছ গ্রুপে গুৱাহাটীত হাস্পতাল আৰম্ভ কৰাৰ দিনটো অসমৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ দিশত অন্যতম বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। অসমত পীয়াৰলেছ গ্ৰুপৰ যাত্ৰা অতি ফলপ্রসূ আৰু সফল হোৱাৰ আশা প্রকাশ কৰি তেওঁ কয় যে নতুন হাস্পতালখনৰ জৰিয়তে এখন ভাল হাস্পতাল অসমৰ ৰাইজে লাভ কৰিব। পীয়াৰলেছৰ পৰিচালন সঞ্চালক জয়ন্ত ৰয়ে হাস্পতালখন স্থাপনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা তথা অসম চৰকাৰৰ সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ অসমত ব্যৱসায় কৰিবৰ বাবে থকা সুগম পৰিৱেশৰ প্ৰশংসা কৰি কয় যে অসমৰ ক্ষিপ্ৰ সেৱা প্ৰদানকাৰী প্ৰশাসন ব্যৱস্থা আদর্শস্বৰূপ হৈ পৰিছে।