পিৰামিডৰ ৰহস্য
নাজবিন চুলতানা, পাটসাঁকো, শিৱসাগৰ
পৃথিৱীৰ আটাইতকৈ ৰহস্যময়ী ঠাই হৈছে ইজিপ্ত।এই ইজিপ্তৰ ৰহস্যৰ অন্তৰালত মুখ্য হৈছে পিৰামিডৰ ৰহস্য।এই পিৰামিডসমূহ নিৰ্মাণ হৈছিল আজিৰ পৰা প্ৰায় চাৰি/পাঁচ হাজাৰ বছৰ আগতে।যেতিয়া পৃথিৱীৰ আকাৰ কেনেকুৱা আছিল সেই তাক অনুধাৱণ কৰিব নোৱাৰা কালত ।এই পিৰামিড তেতিয়া নিৰ্মাণ হৈছিল যেতিয়া মানৱ সভ্যতাৰ বিকাশ হৈছিল,যেতিয়া সিন্ধু সভ্যতা আৰু মেছোপটেমিয়া সভ্যতাৰ বিকাশ হৈছিল।৪/৫০০০বছৰ আগতে ইজিপ্তত Egyptsian লোকে ৰাজত্ব কৰিছিল।ৰাজত্বৰ সময়ছোৱাত এওঁলোকেও স্বাভাৱিকভাৱেই বহুতো কলা-সংস্কৃতি,স্থাপত্য-ভাস্কৰ্ য্য নিৰ্মাণ কৰিছিল।কিন্তু এই কলাকৃতিৰ লগতে তেওঁলোকে ইজিপ্তত বহুতো ৰহস্যময় কৃতিও এৰি থৈ গ’ল।তাৰ ভিতৰত এই পিৰামিডসমূহ মুখ্য।পিৰামিডৰ ৰহস্যৰ আজিও সম্ভেদ উলিয়াব পৰা নাই।পিৰামিডৰ উপৰি আান বহুতো অবিশ্বাশ্য ৰহস্যৰে ৰহস্যময়ী কৃতি ইয়াত আৱিস্কৃত হৈ আছে । বহু বছৰৰ পৰা পিৰামিডৰ ৰহস্য অধ্যয়নত বিভিন্ন প্ৰযুক্তিবিদ্যাৰে ইয়াক বুজিবলৈ চেষ্টা চলাই অহা হৈছে।অনুমানৰ বাহিৰত যে কিহেৰে নিৰ্মিত পিৰামিডৰ এটা এটা টুকুৰা।বিনা যন্ত্ৰৰ প্ৰযুক্তিবিদ্যাৰে কেনেকৈ এই আৱিস্কাৰ সম্ভৱ হ’ল?বিভিন্ন তথ্য অনুসৰি জনা গৈছে যে এটা পিৰামিডৰ প্ৰায় ২৩ লাখ ব্লকেৰে নিৰ্মিত হৈ আছে ।ইয়াৰ এটা ব্লক বা টুকুৰা ইফালৰ পৰা সিফাললৈ দাঙি নিবলৈ সহজ নহয়।ইয়াৰ এটা ব্লকৰ ওজন হ’ব প্ৰায় ২,৭০০ ৰ পৰা ৭০,০০০ কিলোগ্ৰাম ।আজিৰ পৰা ৪০০০ বছৰ আগত ইমান উন্নতমানৰ বিনা প্ৰযুক্তিৰে সম্ভৱ হৈ উঠাৰ ৰহস্যৰ সন্দৰ্ভত কয় যে পিৰামিডৰ লগত সম্পৰ্কিত এটা বিজ্ঞানসন্মত মত আছে,যাক কোৱা হয় “Orion Correlation Theory” । কোৱা হয় যে পিৰামিডসমূহ আকাশৰ নক্ষত্ৰৰ সৈতে জড়িত আছে।আকাশৰ লগত হোৱা এই সংযোগী প্ৰক্ৰিয়াৰ নাম হৈছে “Orion Belt” আৰু ইয়াৰ তিনিটা মূখ্য তৰা আছে।যাৰ নাম ক্ৰমে-“Alnitak”,”Alnilam”,” Mintaka” ।পিৰামিডৰ স্থান, Alignment সম্পূৰ্ণ এই তৰাৰ দৰে একেই।এই তিনিটা তৰাৰ লগত পিৰামিডৰ সংযোগ তথা মিল আছে।এইসমূহ তথ্যৰ ভিত্তিত বহুতো বৈজ্ঞানিকে ভিন্ন মন্তব্য আগবঢ়াইছে।ইয়াৰ মন্তব্যত বহুতে ক’ব খোজে যে সম্ভৱতঃ প্ৰথম অৱস্থাত এলিয়েনচ্ পৃথিৱীত আহিছিল আৰু লগত দ্ৰুত প্ৰযুক্তিগত ব্যৱস্থা আনিছিল, আৰু ইয়াৰ সহায়তে এই অসম্ভৱ আৱিস্কৃত পিৰামিড নিৰ্মাণ কৰিছিল। তৰাবিলাকৰ পৰাই এলিয়েনচ্ আহিছিল বুলি কোৱা হয়।পিৰামিডসমূহ এলিয়েনচ্ নে মানুহে বনাইছিল নিৰ্ধাৰণ হোৱা নাই। কিন্তু এটা কথা নিশ্চিত যে পিৰামিডসমূহ এই তৰাবোৰৰ সৈতে যথেষ্ট সাদৃশ্য আছে।পিৰামিডৰ অন্তঃভাগৰ ক্ষেত্ৰত বৈজ্ঞানিকে ৰ’বৰ্ট কেমেৰা পঠিয়াই কিছু তথ্য নিৰ্ণয় কৰিছিল।পিৰামিডৰ ভিতৰচ’ৰাৰ পথবোৰ খালৰ দৰে দীঘলীয়া ৰাস্তা আছে যাৰ অন্ত সহজে বিচাৰি পোৱা নাযায়।কিন্তু ৰাস্তাবোৰ শেষত এখন দৰ্জা বিচাৰি পোৱা গৈছিল যাৰ ওপৰত আছিল মেটেল পিন।তাত গৱেষকসকলে ড্ৰিলাৰৰ দৰে ফুটা কৰি এটা সৰু কেমেৰা ভিতৰলৈ পঠিয়াইছিল যদিও মাত্ৰ এখন ফটো ক্লিক হোৱাৰ পাছত কেমেৰাটো ৰহস্যজনকভাৱে বেয়া হৈ গৈছিল আৰু বিচাৰ বিশ্লেষণৰ সন্ধান ৰৈ গ’ল।পিৰামিডত তিনিটা আৱিস্কৃত Chamber আছে।একেবাৰে শেষৰটো “Base chamber”মাজৰটো “Qeen’s chamber”আৰু একেবাৰে ওপৰৰটো “King’s Chamber”.এই তিনিটা আৱিস্কৃত কক্ষৰ লগতে আৰু কিমান কক্ষ আছে তাৰ সঠিক তথ্য পোৱা নাই।এইখিনি তথ্য বিচাৰ-খোচাৰ কৰি জনা গৈছিল যে পিৰামিডৰ ভিতৰত আৰু বহুতো অজ্ঞান কক্ষও দেখা গৈছিল।পিৰামিডবিলাকত বহুতো Tenels আছিল।গৱেষণাগত অৱস্থাত কেমেৰা বিকলৰ স্তব্ধতাত তাৰ গৱৰ্ণই এই সম্পৰ্কত আগলৈ অনুসন্ধান ব্যাখ্যাৰ বাবে অনুমতি দিয়া বন্ধ কৰিলে।পিৰামিডসমূহ কিয় বনোৱা হৈছিল?তাৰ সন্ধান নোলোৱাত বহুতে কয় যে পিৰামিডসমূহ ৰজা-মহাৰজাসকলৰ কবৰ দিয়া হৈছিল।পিৰামিডসমূহ নিৰ্মাণ কৰা পাথৰ আন স্বাভাৱিক পাথৰতকৈ লাখ গুণৰ মজবুত।এইসমূহ পাথৰ বৈজ্ঞানিকে পৰীক্ষা নিৰীক্ষা কৰিও ইয়াৰ সম্ভেদ উলিয়াব পৰা যে আচলতে এইবোৰ হয় কি? এইসমূহ সম্পূৰ্ণ “Lime stone”ৰ দৰে হয় কিন্তু “Lime stone” নহয়।যিবোৰ এই ঠাইৰ বাদে পৃথিৱীৰ কোনো ঠাইতে উপলব্ধ নাই ।পিৰামিডৰ নিৰ্মাণ “Shockproof”ৰ দৰে ।ইয়াক বনোৱাৰ সময়ত “Ball and Socket”ৰ দৰে ব্যৱহাৰ কৰিছিল।যি তাপ বিস্তাৰ ,ভূমিকম্প জোকাৰণিৰে,গৰমৰ তাপত ডাঙৰ হৈ যোৱা পাথৰৰ অৱস্থাইও চুই যাব নোৱাৰে ,অনিষ্ট কৰিব নোৱাৰে ।তাৰোপৰি লক্ষ্যণীয় বিষয় যে ইজিপ্তৰ মৰুভূমি পিৰামিডৰ ওচৰে-পাজৰে অৱস্থিত।যিটো অত্যন্ত গৰম এলেকা।গৰম বতাহ অনবৰতে বলি থকা অৱস্থা।এনে অৱস্থাতো পিৰামিডসমূহ এনেধৰণেৰে নিৰ্মাণ কৰিলে যে তাপমাত্ৰা যিমানে নহওক পিৰামিডৰ অন্তৱস্থানত অসৰহ ২০° চেলচিয়াছ উত্তাপ থাকে।যাক কোৱা হয় “Natural AC” ।সেইসময়ত এইসমূহ জ্ঞান এলিয়েনচ্ৰ পৰাই পোৱা বুলি বৈজ্ঞানিকে ক’ব খোজে ।ইজিপ্তৰ চিত্ৰকলা সমূহত এৰ’প্লেন,ডাঙৰ মূৰ ডাঙৰ চকু চুটি-চাপৰ শৰীৰ ঠিক এলিয়েনচ্ৰ দৰেই চিত্ৰ অংকিত আছে।কিছু ঠাইত কাৰ্ভিন আধুনিক এলিয়েনচ্ৰ বাহন ৰ চিত্ৰও অংকিত আছে । বহু বছৰৰ পূৰ্বৰ এই পিৰামিড সমূহৰ আৱিস্কাৰৰ সন্দৰ্ভত মুছলমানসকলৰ চৰিয়ততো উল্লেখ আছে। কিন্তু ইয়াৰ সঠিক তথ্যৰ সন্ধানী সুংসূত্ৰ কোনেও বিচাৰ কৰিব নোৱাৰিলে ।আজিও আচৰিত ভাবিলে যে পৃথিৱীৰ আটাইতকৈ আৰামদায়ক আৰু এভাৰেষ্ট তাপমাত্ৰাৰ ঠাইত নিৰ্মিত “Natural AC”ৰ সুবিধাপূৰ্ণ, Fats, Earthquake registrant building, Orion star, Alientment,Northpool direction,বিনা কম্পাছেৰে নিখুঁত প্ৰস্তুত প্ৰণালী কেনেকৈ সেই সময়ত সম্ভৱ হ’ল।পৃথিৱীৰ বিখ্যাত ইজিপ্তৰ পিৰামিড আজিও এক ৰহস্য হৈয়ে ৰৈ গ’ল।