পিষ্টল দেখুৱাই বৰপেটাৰোডত ভয়ংকৰ ডকাইতি কাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটাৰোড চহৰত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । দিন দুপৰতে পাঁচজনীয়া ডকাইতৰ দল এটাই চিনেমাৰ কায়দাৰে বৰপেটাৰোডৰ দুৰ্গাবাৰী পথত থকা গহনাৰ প্ৰতিষ্ঠান এটাত গ্ৰাহকৰ বেশত প্ৰৱেশ কৰি পিষ্টল দেখুৱাই মেনেজাৰ আৰু গহনা বিপণীখনৰ কৰ্মচাৰীক হাতত বান্ধি বৃহৎ পৰিমাণৰ সোণ, হীৰাৰ গহনাকে ধৰি নগদ ধন লুটি লৈ যায়। খবৰ অনুসৰি, শুক্ৰবাৰে দিনৰ প্ৰায় ১২.৪৫ বজাত ৫জনীয়া ডকাইতৰ দলটো দুখন বাইকেৰে আহি বৰপেটাৰোডৰ দুৰ্গাবাৰী পথত থকা সেনকো অলংকাৰ নামৰ গহণাৰ প্ৰতিষ্ঠানটোত উপস্থিত হয়। ডকাইতৰ দলটোৰ এজনে তলত থকা গেটমেনজনক সেনকো গহনালয়খন ক’ত বুলি প্রশ্ন কৰে। পিছত গেটমেনজনে প্রথম মহলাত থকা সেনকো গহনাৰ বিপণীখনলৈ লৈ যায়। ইযাৰ পিছতে গ্ৰাহকৰ বেশত এজন এজনকৈ আন চাৰিজন ডকাইত সেনকো গহনালয়খনত প্ৰৱেশ কৰে। এজন হেলমেট পিন্ধা আৰু দুজন মাস্ক পিন্ধি অহা ডকাইতৰ দলটোৱে গহনাৰ প্ৰতিষ্ঠানৰ ভিতৰত প্ৰৱেশ কৰি হাতে হাতে পিষ্টল দেখুৱাই বিপণীখনৰ কৰ্মচাৰীসকলক চিঞৰ-বাখৰ নকৰিবলৈ ভাবুকি দিয়ে।

ডকাইতৰ দলটোৱে বিপণীখনৰ ভিতৰৰ পৰা কোনেও যাতে ফোন কৰিব নোৱাৰে তাৰ বাবে বিপণীখনৰ কৰ্মচাৰীকেইজনৰ ম’বাইল, মানীবেগ কাঢ়ি নিয়াৰ লগতে তেওঁলোকক হাতত বান্ধিমজিয়াত বহুৱাই থয়। ডকাইতৰ দলটোৱে কিছু সময় পিছত গহনালয়খনত প্ৰৱেশ কৰা মেনেজাৰ ডিম্পল তালুকদাৰক প্ৰহাৰ কৰি ম’বাইল আৰু মানীবেগ কাঢ়ি নিয়ে। মেনেজাৰ আৰু কৰ্মচাৰীকেইজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ডকাইতৰ দলটোৱে হিন্দী ভাষাতে তেওঁলোকৰ লগত কথা পাতে আৰু চিঞৰ-বাখৰ নকৰিবলৈ ভাবুকি দি মুখত কাপোৰ বান্ধে। ইয়াৰ পিছতে দলটোৱে গহনা বিপণীখনত থকা ৰেডিমেড সোণ আৰু হীৰাৰ প্ৰায়বোৰ অলংকাৰ লুটি লৈ উধাও হয়। প্রায় আধাঘণ্টা লুটপাত চলোৱাৰ পিছত যোৱাৰ সময়ত দলটোৱে প্রমাণ নোহোৱা কৰিবৰ বাবে গহনা বিপণীখনত সংলগ্ন চিচি টিভিৰ হার্ড ডিস্কখন ভাঙি লৈ যায়। বিপণীখনৰ কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে ডকাইতৰ দলটোৱে গহনাৰ প্ৰতিষ্ঠানটোৰ পৰা প্ৰায় ১২ কোটি টকাৰ সোণ, হীৰা, ৰূপৰ অলংকাৰ আৰু নগদ ডেৰ লাখ টকা লুটি নিয়ে।
