পিতৃ হৈছে বট বৃক্ষ স্বৰূপ – হাফিজ গিয়াছউদ্দিন আহমেদ

PC - Gulbenkian Andonian
পিতৃ হৈছে বট বৃক্ষ স্বৰূপ 
 হাফিজ গিয়াছউদ্দিন আহমেদ, ধূলা
নিজৰ সন্তানৰ সুখৰ কাৰণে পিতৃয়ে কিনো নকৰে। যিমান কষ্ট নহওঁক কিয় পিতৃয়ে সন্তানৰ চাহিদা পূৰণ কৰে। সন্তানৰ চাহিদা পূৰণ কৰিবলৈ পিতৃয়ে বেলেগৰ ঘৰত হাজিৰা মজদুৰ কৰি হলেও সন্তানৰ চাহিদা পূৰণ কৰে। অথচ পিতৃৰ শৰীৰত জ্বৰ থকা সত্বেও ৰোগীয়া পিতৃয়ে সন্তানৰ সুখৰ কাৰণে কষ্ট কৰে। দিনৰ দিনটো অক্লান্ত পৰিশ্ৰম কৰি ঘৰত আহি সন্তানৰ মুখৰ বাবা বুলি মাত শুনাৰ লগে লগে সেই অক্লান্ত পৰিশ্ৰম কষ্টৰ পাহৰি যায়। পিতৃয়ে বজাৰত একাপ চাহ খাবলৈ গেলেও মৰমৰ সন্তানৰ কথা মনত পৰে সেই চাহ আৰু নাখায়, সন্তানৰ খোৱা বস্তু লৈ আহে। নিজৰ সন্তানক প্ৰতিষ্ঠিত কৰিবলৈ পিতৃৰ সৰ্বোচ্চ ত্যাগ কষ্টৰ ফলত সন্তানক প্ৰতিষ্ঠিত কৰিবলৈ আপ্রাণ চেষ্টা কৰে। পিতৃ যদি বৃদ্ধও হয় সন্তানক বট বৃক্ষ স্বৰূপ চাঁ দি থাকে আৰু নিজৰ সন্তানৰ কাৰণে মঙ্গল কামনা কৰে। পিতৃ বিহীন এটা জীৱন যে কিমান দুঃখৰ জীৱন সেইয়া একমাত্র পিতৃহাৰা সন্তানে হে বুজি পায়। সেই কাৰণে পিতৃ- মাতৃ জীয়াই থাকোঁতেই তেওঁলোকক চিনি পোৱা উচিত। এবাৰ যদি সেই পিতৃ মাতৃ হেৰাই যায় কেতিয়াও আৰু উভতি নাহে সেই কাৰণে জীয়াই থাকোঁতেই তেওঁলোকৰ সেৱা যত্ন কৰি স্বৰ্গৰ বাট মুকলি কৰি লোৱা উচিত। ইমান কষ্ট দুঃখ কৰি সন্তানক লালন পালন কৰি বৃদ্ধ অবস্থাত সেই সন্তানৰ ওচৰতে পিতৃ মাতৃ অৱহেলিত হব লগা হয়। নিজৰ পত্নীৰ কথা মতে যি মাতৃয়ে  ন’ মাহ দহ দিন গৰ্ভত ৰাখি নিজৰ মৰমৰ আচলত লালন পালন কৰে সেই মাতৃক অৱহেলিত কৰি ৰাখে। মনত ৰাখিব আপুনিও এদিন পিতৃ অথবা মাতৃ হব তেতিয়া আপোনাৰ সন্তানেও আপুনি কৰা অন্যায়ৰ পুনৰাবৃত্তি কৰিব পাৰে। আপুনি যি ব্যবহাৰ আপোনাৰ পিতৃ মাতৃৰ সৈতে কৰিব সেই আচৰণ আপোনাৰ লগতো কৰিব পাৰে। সেই কাৰণে পিতৃ মাতৃ বৃদ্ধ হলে নিজৰ কলিজাৰ টুকুৰা বুলি ভবা উচিত। যিদৰে আপুনি সৰু থাকোঁতে আপোনাক কলিজাৰ টুকুৰা বুলি ভাবিছিলে। বৃদ্ধ বাবা মা যদি আপোনাৰ সেৱা যত্নত হৃদয়ৰ পৰা পৰম কৰুনাময়ৰ ওচৰত দোৱা আৰ্শিবাদ কৰে তেতিয়া হলে এই পৃথিৱীতো আপোনাৰ মঙ্গল হব পৰকালতো আপুনি জান্নাত (স্বৰ্গ) পাব।