পিতৃ মাতৃৰ সেৱাতেই পৰম সৃষ্টিকর্তা সন্তোষ্ট – হাফিজ গিয়াছউদ্দিন আহমেদ

 পিতৃ মাতৃৰ সেৱাতেই পৰম সৃষ্টিকর্তা সন্তোষ্ট
হাফিজ গিয়াছউদ্দিন আহমেদ, ধূলা 
পিতৃ মাতৃ হৈছে সন্তানৰ অমূল্য সম্পদ। কিন্তু আমি পিতৃ মাতৃ জীৱিত থকা অৱস্থাত সেই অমূল্য সম্পদক চিনি নাপাঁও। সন্তানে মুখেৰে প্ৰকাশ কৰাৰ আগতেই সেই পিতৃ মাতৃয়ে বুজি পায় সন্তানৰ চাহিদাৰ কথা। পৃথিৱীৰ সকলো সুখ শান্তি নিজৰ সন্তানৰ বাবে আঁজৰি আনি দিবলৈ চেষ্টা কৰা জনেই হৈছে পিতৃ মাতৃ। নিজৰ সকলো সুখ শান্তি বিসৰ্জন দি সন্তানৰ সুখৰ কাৰণে যি পিতৃ মাতৃয়ে তেখেতৰ জীৱনৰ শেষ মুহূর্ত পর্যন্ত সন্তানৰ সুখৰ কাৰণে চিন্তা কৰে সেই পিতৃ মাতৃ বৃদ্ধ বয়সত সেই সন্তানৰ ওচৰতেই লাঞ্ছিত, বঞ্চিত, অৱহেলিত হব লগা হয়। শেষ বয়সত নিজৰ জন্মদাতা পিতৃ মাতৃয়ে এমুঠি অন্য (খাদ্য) ৰ বাবে বেলেগৰ দোৱাৰে দোৱাৰে ভিক্ষা কৰিব লগীয়া অৱস্থা হৈ পৰে। পিতৃ মাতৃৰ মৃত্যুৰ পিছত খুজনী মগনিয়াক ৰাজভূগ খাদ্য খোৱায় পিতৃ মাতৃৰ আত্মাই শান্তি লাভ কৰক বুলি। অথচ সেই পিতৃ মাতৃয়ে জীৱিত থকা অৱস্থাত নিজৰ সন্তানৰ ওচৰত এমুঠি অন্য ( খাদ্য) ৰ বাবে হাহাকাৰ কৰিছিল। পিতৃ মাতৃৰ মৃত্যুৰ পিছত পাচ দিনৰ সৎকাজ ন’ দিনৰ সৎকাজ তেৰ দিন বা চল্লিশ দিনৰ সৎকাজত হাজাৰ হাজাৰ টকা খৰচ কৰাতকৈ জীৱিত থকা অৱস্থাত ভালদৰে সেৱা যত্ন কৰক আৰু মৃত্যুৰ পিছত আপোনাৰ পিতৃ মাতৃৰ আত্মাই শান্তি লাভ কৰাৰ কাৰণে সামৰ্থ অনুযায়ী দান দক্ষিণা কৰক তেতিয়া হে কামত আহিব। পিতৃ মাতৃক সেৱা যত্ন কৰি খুশি কৰিব পাৰিলে পৰম সৃষ্টিকর্তাও খুশি হয়। ইছলাম ধৰ্মৰ পৱিত্ৰ গ্ৰন্থত উল্লেখ আছে যে নিজৰ পিতৃ মাতৃক সেৱা যত্ন কৰি যদি খুশি কৰিব পাৰে আৰু পিতৃ মাতৃয়েও যদি সন্তানৰ সেৱা যত্নত খুশি হৈ সেই সন্তানৰ কাৰণে যদি মহান সৃষ্টিকর্তাৰ ওচৰত প্ৰাৰ্থনা জনায় মহান সৃষ্টিকর্তাই সেই প্ৰাৰ্থনা মঞ্জুৰ কৰে। সেইয়াই পিতৃ মাতৃৰ সেৱাতেই মহান সৃষ্টিকর্তা সন্তুষ্ট।