পিতৃ মাতৃৰ প্ৰতি সন্তানৰ কৰ্তব্য
প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও
সন্তানৰ ওচৰত পিতৃ মাতৃৰ স্থান বহুত উচ্চ। সন্তানৰ ওচৰত ভগৱানৰ পিছতেই পিতৃ মাতৃৰ স্থান। মা অতি কষ্টৰে দহ মাহ দহ দিন সন্তানক নিজৰ গৰ্ভত ধাৰণা কৰে।
হাজাৰ বিপদ অহিলেও পিতৃ মাতৃয়ে অতি কষ্ট কৰি নিজৰ সন্তানক ডাঙৰ দীঘল কৰে। সুখ, দুখ, বিপদে- আপদে অতি যতন কৰি ৰাখে নিজৰ সন্তানক। সন্তানৰ খোৱা লোৱা, লেখা পঢ়া, আদি সকলো দিশতে পিতৃ মাতৃয়ে অধিক ভূমিকা পালন কৰে। সন্তানৰ মংগলৰ কৰণে পিতৃ মাতৃয়ে বহুত কষ্ট ত্যাগ কৰিছে। সন্তান যিমানেই ডাঙৰ নহওক কিয় পিতৃ মাতৃৰ বাবে তেওঁলোক এতিয়াও শিশু হৈ এ আছে। যেতিয়া পিতৃ মাতৃ বৃদ্ধ হয় তেতিয়া সন্তানৰ কৰ্তব্য হল পিতৃ মাতৃৰ ওচৰত থাকি পিতৃ মাতৃৰ সেৱা আগবঢ়োৱা। পিতৃ মাতৃৰ সেৱা আগবঢ়োৱা হৈছে সন্তানৰ আটাইতকৈ ডাঙৰ কৰ্তব্য। কিন্তু কিছুমান এনেকুৱা সন্তান আছে যিসকলে পিতৃ মাতৃ বৃদ্ধ হোৱাৰ পিছত তেওঁলোকক বৃদ্ধ আশ্রয় থৈ আহে। এইটো হৈছে আটাইতকৈ ভুল কাম কাৰণ পিতৃ মাতৃৰ কাৰণেই আমি এই পৃথিবীখন দেখিবলৈ পাইছো পিতৃ মাতৃৰ কাৰণেই আমি আজি ইমানখিনি পাইছো। পিতৃ মাতৃয়ে নিজে নাখাই সন্তানক খুৱাই ডাঙৰ দীঘল কৰিছে তেওঁলোকৰ সন্তানৰ ভালৰ কাৰণে সকলো কৰিছে কিন্তু সন্তান ডাঙৰ হৈ নিজৰ জন্মদাতা পিতৃ মাতৃক পাহৰি যায় আৰু তেওঁলোকক ঘৰৰপৰা বাহিৰ কৰি দিয়ে। এই কাৰ্য্য কেতিয়াও এজন ভাল সন্তানৰ হব নোৱাৰে ভাল সন্তানে সদায় তেওঁৰ পিতৃ মাতৃৰ যন্ত লব আৰু সদায় তেওঁলোকৰ সেৱা আগবঢ়াই যাব। এয়াই হৈছে এজন ভাল সন্তানৰ কৰ্তব্য আৰু দায়িত্ব।