পিতৃ দিৱস:(জুন মাহৰ তৃতীয় দেওবাৰ) – জ্যোতিস্মিতা গোস্বামী শৰ্মা

পিতৃ দিৱস:(জুন মাহৰ তৃতীয় দেওবাৰ)

জ্যোতিস্মিতা গোস্বামী শৰ্মা

” আইতা, আইতা আজি স্কুলত ছাৰে  পিতৃ দিৱসৰ বিষয়ে লিখি নিবলৈ কৈছে । মোক ইয়াৰ বিষয়ে অলপ ক’বানে? ” নয়নৰ আইতাকে সদায় তাক নতুন নতুন কথা শিকায়। আইতাকে ক’লে, শুনা  নয়ন  পিতৃ সেইজন

 যি জনে কঠোৰ পৰিশ্ৰম কৰে
পৰিয়ালক সুখত ৰাখিবলে
যি জনে নিজে কান্দে
পৰিয়ালৰ এটি হাঁহিৰ বাবে।

ৰ’দ ,বতাহ বৰষুণৰ পৰা পৰিয়ালক আশ্ৰয় দিয়া জনেই পিতৃ। তেওঁ এনে এজন ব্যক্তি যি নিজৰ সন্তানক নিজতকৈ  ডাঙৰ হোৱাটো বিচাৰে তেওঁৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱাৰ বাবে পিতৃ দিৱস এক মাধ্যম।

প্ৰতি বছৰে জুন মাহৰ তৃতীয়টো দেওবাৰে পিতৃ দিৱস পালন কৰা হয়।১৯০৭চনত আমেৰিকাত পোন প্ৰথম বাৰৰ বাবে বেচৰকাৰী ভাৱে পিতৃ দিৱস

পালন হৈছিল। ১৯১০চনত আনুষ্ঠানিক ভাৱে ইয়াক পালন কৰা হয়।১৯১০চনৰ ১৯জুনত আমেৰিকাৰ Washington ত Spokane চহৰত সোনাৰ স্মাৰ্ট ড’ডে (Sonora Smart Dodd ) পিতৃ দিৱস পালন কৰাৰ সিদ্ধান্ত লয়।

পিতৃ এনে এজন ব্যক্তি যি নিজৰ সন্তান তথা ঘৰখনৰ কাৰণে নিজৰ দুখ কষ্ট প্ৰকাশ নকৰাকৈ সকলো দায়িত্ব নিৰৱে পালন কৰি যায়। পিতৃ হৈছে সন্তানৰ সু- চিন্তক আৰু পথ প্ৰদৰ্শক। সন্তানৰ সপোন পূৰাবলৈ দুখ – কষ্ট হেলাৰঙে ত্যাগ কৰে। তেওঁ ঘৰৰ মূৰব্বী হোৱাৰ লগতে বিপদ আপদৰ পৰা সকলোকে সুৰক্ষিত কৰি ৰাখে।

পিতা আৰু সন্তানৰ মাজত অটুট বন্ধন থাকে।পিতা সেইজোপা গছ যাৰ সংস্কাৰৰ তলত সন্তান লালন পালন হয়। পিতৃৰ প্ৰতি মৰম আৰু সন্মান দৰ্শাবলৈ পিতৃ দিৱস পালন কৰা হয়।

এতিয়া বুজি পালানে? তুমিও দেউতাক বৰ ভাল পোৱা নহয়। মায়েও তোমাক  দেউতাক সন্মান কৰিবলৈ শিকায়। এতিয়া টোপনি যোৱা ।পুৱা উঠি কথাখিনি ভালদৰে লিখি  চাৰক দেখাবা। আইতাকক “হ’ব বাৰু আইতা”বুলি কৈ  নয়ন টোপনি গ’ল।