পিতৃ চৈয়দ ছাদুল্লাৰ স্মৰণত – চুভানা ছাদুল্লা

পিতৃ চৈয়দ ছাদুল্লাৰ স্মৰণত

চুভানা ছাদুল্লা
C/০ স্বৰ্গীয় চৈয়দ ছাদুল্লাৰ কন্যা
ডিব্ৰুগড়

নিয়তি যে ইমান নিৰ্দয়, কেতিয়াও অনুভৱ হোৱা নাছিল।
শৈশৱৰ এটি এটি মুহূৰ্ত চকুৰ পলকতে কেতিয়া বাগৰি পাৰ হৈ গ’ল—ভাবিবই নোৱাৰিলোঁ।
২০২৫-ত আহি যেন সময়েই থমকি গ’ল,
জীৱনত কেতিয়াও ঘূৰি নহা বাটেৰে অমূল্য অধ্যায়—
দেউতাৰ লগতেই চিৰদিন যেন বন্ধ হৈ গ’ল।
সেই নীৰৱ শূন্যতাৰ স্মৰণতেই এই কবিতা—
“আৰুতো নাই”।

আৰুতো নাই
পুৱাৰ সেই মধুৰ ক্ষণত,
হাতত গীটাৰ লৈ সুৰীয়া কণ্ঠত,
টোপনিৰ পৰা আমাক জগোৱা,
“সুপ্ৰভাত” বুলি অন্তৰ চুই যোৱা—
সেই ভাল লগা সময়ছোৱা,
আৰুতো নাই।

পঢ়াশালিলৈ স্কুটাৰত ওলাই যোৱা,
পিঠিৰ ফালে জপিয়াই সাৱটি লও,
বিজয় চুপাৰত ঘূৰি ফুৰা,
হাঁহি-ধেমালিৰ সেই ক্ষণজোৰা,
আৰুতো নাই।

সন্ধ্যা পাঠ্যপুথি লৈ পঢ়া সময়ত,
নোৱাৰা যেন গম পোৱাত,
মাৰ পাছফালৰ পৰা শিকাই দি,
পাৰিলোঁ বুলি নাচি উঠি,
সাৱটি লোৱা সেই মুহূৰ্তটি ,
আৰুতো ঘূৰি নাহে ।

ডাঙৰ হৈ গ’লো দেউতা,
এতিয়াও কিয় ইমান চিন্তা?
“আহিম ঘূৰি, সময়টো চোৱা”,
“নকৰোঁ পলম” বুলি ফোনত কোৱা,
তথাপিও বহি বহি কৰা সেই চিন্তা,
আৰুতো নাই।

জানো তুমি চাই আছা,
এতিয়াও চিন্তা কৰি আছা,
ময়ো বান্ধি ৰাখিছোঁ সেই আশা,
নৱবৰ্ষৰ প্ৰথম শুভকামনা,
পুৱাই তোমাৰ কণ্ঠৰে শুনাৰ
সেই নিঃশব্দ হেঁপাহ,
আৰুতো নাই।