পিতৃহন্তা – সবিতা বেগম

পিতৃহন্তা
সবিতা বেগম,
পাকাবেত বাৰী পাম, বৰপেটা
এইবাৰ দেউতাকৰ কু-দৃষ্টি কন্যা ৰিমঝিমৰ ওপৰত পৰিল। প্ৰতিদিনে মদ খাই ঘৰত সোমাই অভব্য আচৰেণেৰে ৰিমঝিমক অতিষ্ঠ কৰি তুলিলে। তাই আজিও পাহৰা নাই পৰকীয়া কৰি ফুৰা দেউতাকে কিদৰে মাকক মৰিয়াই মৰিয়াই হত্যা কৰিছিল।গতিকে আজি তাই সিদ্ধান্ত এটাত উপনীত হ’ল।ৰাতি দহমান বজাত দেউতাকে প্ৰতিদিনৰ দৰে মদ খাই ৰুমত সোমাই ৰিমঝিমৰ ওপৰত জপিয়াই পৰিল। পূৰ্বতে প্ৰস্তুতি লৈ থকা ৰিমঝিমে গাৰুৰ তলতে লুকুৱাই ৰখা দাখনেৰে দেউতাকক দুচেও কৰিলে।