পিতাৰ অসুখ বুলি খবৰ পোৱাৰ পাছত
মনলৈ ভাব আহিছে –
পিতা বুঢ়া হৈ আহিছে,
পিতাৰ বহুত বয়স হ’ল !
চকুৰ পলকতে দিনবোৰ পাৰ হৈ গ’ল।
পিতাৰ বয়সটো প্ৰায়ে মনলৈ আহে যদিও
মাতত তাহানিৰ দৰেই গর্জন,
সেয়ে ইমানদিনে পিতাৰ বয়সটো মাথোঁ বয়স হৈ আছিল ।
আজি পিতাৰ অসুখৰ খবৰ পাই ভাব আহিল পিতাৰ বয়স হৈ আহিছে ।
মনতে ভাবিলো—
বহুদিনৰ মূৰত দেখা পোৱা
পিতা-মোৰ মাজৰ সেই দেখাই শেষ সাক্ষাৎ হ’ব পাৰে,
কোনে জানে?
তাৰ বাবে মই সাজু থাকিব লাগিব।
নয়ন ভৰাই পিতাক চাব লাগিব।
এতিয়া পিতা মৰিব নোৱাৰে কাৰণ
মই পিতাক বহুদিন দেখা নাই,
মই পিতাক বহু দিন নয়ন জুৰাই চাবলৈ পোৱা নাই ।
সেইকণ বিশ্বাস ভগৱানৰ ওপৰত আছে।
পিতাৰ অসুখৰ খবৰ পাই মনলৈ ভাব আহিল
জীৱনটো পাৰেই হ’ল,
একোৱেই ভবামতে কৰিব নোৱাৰিলো,
এতিয়ালৈ পৰা নাই।
পিতাক সুখী কৰিব পৰা
প্ৰথম খবৰটো আজিও দিব পৰা নাই,
পিতাক সুখী কৰিব পৰা দ্বিতীয় খবৰটো
মোৰ পৰা এহাত দূৰত।
মই প্ৰস্তুতিৰ আনন্দত সুখী হৈ আছিলো,
পিতাৰ অসুখৰ খবৰটোৱে মোক অসুখী কৰিলে।
মই দ্ৰুততৰ হ’ব লাগিব।
পিতাৰ বয়স হৈ আহিছে,
মোৰ সপোনবোৰ পূৰাবলৈ সময় আছে
যদিও পিতাক সুখী কৰা কামবোৰ কৰিবলৈ সময় তাকৰ।
কোনোদিন পিতাক ৰোগত ভুগি শয্যাশায়ী হৈ থকা নেদেখিলো,
কোনোদিন পিতাক নিজৰ বেমাৰৰ বাবে হাস্পিতাললৈ যোৱা নেদেখিলো,
আজিও মাতত তাহানিৰ দৰেই গৰ্জন
সেয়ে পিতাৰ বয়সটো মাথোঁ বয়স হৈ আছিল।
সৰুৰে পৰা পিতা আৰু মোৰ মাজত বহু আদর্শগত সংঘাত, মতানৈক্য ।
আমি প্রায়ে তৰ্কত লিপ্ত হওঁ,
মই মাহ মাহ ধৰি পিতাক নমতাকৈ থাকো।
ক’ৰবাত পাইছিলো—
‘সফলতাৰ পাছত সকলোৱে সাবটি ধৰিব,
যি তোমাৰ বিফলতাত সাবটি ধৰিব, সেয়াই তোমাৰ আপোন ৷
সেয়া তোমাৰ মা-দেউতা।’
মোৰ বিফলতাত পিতায়ে মোক সাবটি নধৰে,
মোক তিতা কথা শুনায় ।
সেয়ে মই পিতাতকৈ বেছি সফল হ’ব বিচাৰো,
মোৰ সফলতা অইনক নহ’লেও পিতাক দেখুৱাব বিচাৰো ।