পিতাইৰ মৰমৰ গৰুহাল – ৰশ্মি ৰেখা দুৱৰা

পিতাইৰ মৰমৰ গৰুহাল 
ৰশ্মি ৰেখা দুৱৰা
তাহানিৰ সেই কথাবোৰ মনত পৰিলে বুকুখন বেজবেজাই যায়।চেৰেং-চেৰেংকৈ মনত পৰে।এপল-দুপল কৰি সময়ে বাট ললেও সেই স্মৃতিবোৰ সদায়েই সজীৱ হৈ থাকিব।এতিয়া সেইদিন নাই; সেই সময়ো নাই।দ’ জোকে জলডুবি মাটিডৰাত মানুহৰ গোন্ধলৈ খেদি খামোচ মাৰি ধৰিব নোৱাৰে।ভয়ৰ কোবত টেটুফালি চিঞৰি দৌৰি সোণমইনাজনীয়ে কিমানযে কান্দিছিল।নগেন দাইটিয়ে হাতেৰে থু সানি এৰাই দিলতহে তাইৰ তত ঘূৰি আহিল।ঢল পুৱাতে গছৰ ডালত বহি চৰাইজাকে ৰিণি-ৰিণি সুৰেৰে গীত জুৰিছে।পিতায়ে খপজপকৈ উঠি হাত-মুখ ধুই ভঁৰালৰ ফালে ঢাল লৈছে।আনদিনা সাৰ পালেও নুঠোঁ শুৱা পাটীৰ পৰা।আজি পক্ষীৰ কাকলিত ৰব নোৱাৰি উঠি আহিলোঁ।ফিৰফিৰীয়া পথাৰৰ বতাহজাকে মন ভৰাই তুলিল।তাতে শাওণৰ পথাৰৰ গোন্ধ।নাকটোৱে উজাই আকৌ এবাৰ পথাৰৰ গোন্ধত মতলীয়া হৈ পৰিছোঁ।পিতায়ে ভঁৰালৰ গান্ধৈখন ওপৰৰ পৰা তললৈ পলকা-পলককৈ চাইছে।তেনে লাগিছে, কিবাযেন বহুত ডাঙৰ বস্তু বিচাৰি পোৱা নাই।
: “সৰুপোনা, অ’ সৰুপোনা।”
: ” কি হ’ল পিতাই।ইমানকৈ চিঞৰিছ যে।”
:” ইয়াতে মোৰ নাঙল,যুঁৱলি,মৈ সকলোবোৰ আছিল।কোনে নিলে ইয়াৰ পৰা।”
: ” এইবোৰনো এতিয়া কিয় লাগে? মই সকলোবোৰ সৌ চাংখনত তুলি থৈছোঁ।” কাঠৰ পাতেৰে সজা ভঁৰালৰ চালিখনৰ তলতে থকা চাংখনলৈ দেখুৱাই ক’লে।
: “এতিয়া শাওণৰ পথাৰ দেখা নাই।ইমান দেৰিলৈকে শুই থাকিলে ভাত গাল কোনোবাই মুখৰ আগত দিবহি নেকি,কষ্ট নকৰিলে।” তেনেকৈ কৈ মুখৰ ভিতৰতে ভোৰভোৰাবলৈ ধৰিলে।
পিতাই পাহৰিলে নেকি।আজি কেইবাবছৰ ধৰি আমাৰ জলডুবি মাটিখিনি খেতি কৰিবই পৰা নাই।ট্ৰেক্টৰো যাব নোৱাৰা হ’ল দেখোন।হাল বাবলৈ পথাৰত ফাল নমালেই ভেৰভেৰণি বোকাত সোমাই ট্ৰেক্টৰ ফচি যায়।মাটিবোৰ ঘাঁহনিৰে ঢাকি ধৰি চন পৰি ৰ’ল।নাঙলটো কান্ধত লৈ গোহালিলৈ গৈ দেখে, গৰুৰ গোন্ধ নাই।গোহালিটো চফা হৈ আছে ভাত খাব পৰাকৈ। অহ! মই কি কৰিছোঁ? ক’ত যাব লৈছোঁ? কজলা বৰণৰ গৰুহাল বিক্ৰী কৰা দেখোন আজি ১০ বছৰেই পাৰ হ’ল।তথাপিও মোক দেখোন হেঁপাহৰ পথাৰখনে হাত বাউলি ৰিঙিয়াই মাতিছে।ক’ৰবাত সুখৰ জোলোঙাতো হেৰুৱাইছো নেকি।নগেন,খগেন কোনোৱেই দেখোন পথাৰলৈ নাযায়,খেতি নকৰে।ভাবুক হৈ বেজাৰ মনেৰে পিতায়ে নাঙলটো গোহালিৰ কাষতে থৈ বহি পৰিল।
: “হেৰা শুনিছেনে, চাহপানীটোপা খাই লওক।” চাহপানীটোপাৰ লগত ভীমকল আৰু ভজা পিঠাৰ গুড়িৰ সৈতে কাঁহৰ বাটিটো আগবঢ়াই দিছে পত্নী জেতুকীয়ে।
গৰমে গৰমে চাহপানীটোপাৰ সোহা মাৰিলেহে সুখ পায়।নহ’লে চাহপানী খোৱাযেনেই নেলাগে বোলে।সুখ নপলায়।
মনটো আনদিনাৰ দৰে নহয়।পিতাইৰ বুকুখনত খুচি বিন্ধি ধৰিছে।অপ্ৰকাশ্য যদিও মুখমণ্ডলৰ সেমেকা হাঁহিটোত বিৰিঙি উঠিছে।বাৰে বাৰে কাষ চাপোঁ দুখৰ বুজ লবলৈ।পুঠি মাছৰ কলিজাটোলৈ অলপ সাহস গোটাওহে; ভৰি হাতবোৰ কোঁচ মোচ খাই উঠে।পঢ়াৰ টেবুলত সময়মতে নেদেখিলে যিটোহে গুজৰ মাৰিছিল।সেই ভয়ে বৰ্তমানেও থিতাপি লৈ আছে।আহ্! কি দিন আছিল।টিপ চাকিৰ পোহৰে ঢিমিক-ঢামাককৈ চিঞৰি চিঞৰি পাঠ পঢ়াতে সমস্ত সুখ আছিল।আয়ে শুনা নাপালে পিঠিত যিটোহে বাঘ ঢকা পেলাইছিল; পিঠি চেৰচেৰণি উঠি গৈছিল।মনটো শকত কৰি সাহস গোটালোঁ।আজি পিতাইৰ মনৰ বুজ লমেই।আগফালৰ পথাৰৰ থলডুবি মাটিবোৰত ট্ৰেক্টৰে হাল বাই আছে।কাণত শব্দবোৰ ভাঁহি আহিছে।পিতাই আগ চোতালত বহি মাখি মাৰি মাৰি পথাৰখনলৈকে দৃষ্টি নিবদ্ধ ৰাখিছে।দূৰৈত ৰিণিকি ৰিণিকি কৰি দেখিবলৈ পোৱা গৈছে।মানহ নে আন জীৱ ভালকৈ মনিবই নোৱাৰি।
: “পিতাই,মাখি কেইজনী মৰিল।”
: “হিচাপ নাই।ক’ত বা কি গোন্ধাইছে।ক’ৰবাত কিবা গেলিছেই নেকি।”
: “হ’ব পাৰে পিতাই।মোক মাখি মৰাখন দেচোন।”
বাঁহেৰে গাঁথি লোৱা মাখি মৰাখন হাতত তুলি ললোঁ।মাখি মৰিছে নাই নাজানো।মাখি মৰাৰ ভাও জুৰি সেপ ঢুকি প্ৰশ্ন কৰিলোঁ।
: “পিতাই,তোৰ কিবা ভিতৰি ভিতৰি টান নৰিয়া হৈছে নেকি।আজি বহুদিনৰ পৰা মন কৰিছোঁ; মন মাৰি মাৰি কিবা যেন ভাবি থাক।যদি কিবা হৈছে কওঁচোন পিতাই।”
অলপপৰ ভাবৰ সাগৰত ডুবি পৰিল।অতীতৰ সুখবোৰে হেচুকি হেচুকি থিতাপি লোৱাৰ ঠাইত দুখৰ সাগৰে বেৰি ধৰিছে।ডাঙৰ পোনা,তই ডাঙৰ হৈছ।মোৰ দুখবোৰ বুজিব পৰা হ’লি।তোকনো কি লুকুৱাম।
:”আহাৰ,শাওণ মাহ আহিলেই মোৰ মনে সৌ তাহানিলৈ গতি কৰে।পুৱাই গৰুহালৰ সৈতে কান্ধত মৈ,যুঁৱলি লৈ পথাৰলৈ যোৱা দিনবোৰৰ কথা।” বোকা মাটিক আপোন কৰি  লৈয়ে সপোনৰ পথাৰখনক অযুত ভাল পাইছিলোঁ।গৰুহালে মোৰ স’তে কথা পাতিছিল।নিজতকৈয়ো বহুত মৰমৰ আছিল।সেই কজলা বৰণৰ গৰুহাল।
: “বুজিছোঁ পিতাই,তোৰ মনৰ কথা।হ’ল বুলিনো ইমান দুখ কৰিব লাগেনে।”
: “তই নুবুজিবি ডাঙৰ পোনা।পথাৰখনে মোৰ দ্বিতীয়খন ঘৰ আছিল।গৰুহাল মোৰ সন্তানৰ দৰে।কষ্ট পাব দিয়া নাছিলোঁ,সময়মতে খোৱাৰ যতন লৈছিলোঁ।” সিঁহতৰ দায়িত্ব সযতনে পালন কৰিছিলোঁ।বিজ্ঞানে আৱিষ্কাৰ কৰা ট্ৰেক্টৰ হোৱাত গৰুহাল বিক্ৰী বৰ কষ্টত আছোঁ অত বছৰে।
থলডুবি মাটিবোৰ চুবুৰীয়াই এফেৰা-দুফেৰা কৰি কঠিয়া তুলি ৰুইছে।হাউৰি মাতি ৰুৱা ন-ভূঁইৰ প্ৰভাৱ নাই।মাত্ৰ কেইগৰাকীমানে ৰুইছে।সলনি হ’ল।সকলো সলনি হ’ল।
: “ককাই ,কি চাইছ অ’।আগৰ দিন নাই।আমাৰ জলডুবি মাটিবোৰলৈ ট্ৰেক্টৰ যাব নোৱাৰে বোকা একঁকাল হ’ল।পৰিয়ালমখাক কেনেকৈ যে পোহপাল দিম তাকেহে চিন্তিত।” নগেনে হাতত জালখন লৈ পথাৰৰ কাষৰ জানটোত মাছ ধৰিবলৈ যাওঁতে মাতষাৰ দি গ’ল।
: “নগেন,মই এইবাৰ আকৌ গৰু এহাল আনি খেতি কৰিম।তয়ো এহাল লবি।”
ট্ৰেক্টৰ হোৱাৰ পৰা মাটিবোৰ দ’ হৈ  পৰাত খেতি কৰিব নোৱাৰা হ’ল।নহ’ব এইবাৰ গৰু কিনিমেই।ডাঙৰ পোনা,সৰু পোনাহঁত এলেহুৱা হোৱাৰ পথত।আধুনিকতাৰ সাজযোৰ পিন্ধি বৰ বৰ কথা ক’লেই কামত নাহিব।হাতে কামে ধৰিব লাগিব।চিপ্-চিপ্ বৰষুণত ছাতিৰে আৱৰি মুখেৰে অস্পষ্ট মাতেৰে কৈ গ’ল, কজলা বৰণেই ভাল হ’ব।মই জীয়াই থাকোঁতে তাহাঁতক চিনাকি কৰি যাম।শাওণৰ গোন্ধ নাকত বাৰে বাৰে উজাই দ্ৰুত বেগেৰে খোজ ললে।