পিছপৰা শ্ৰেণীসমূহৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষই পৰ্যালোচনা কৰিলে অসম, মণিপুৰ, ছিকিমৰ অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে থকা সংৰক্ষণ তথা বিভিন্ন জনকল্যাণমূলক ব্যৱস্থাৰ

পিছপৰা শ্ৰেণীসমূহৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষই পৰ্যালোচনা কৰিলে অসম, মণিপুৰ, ছিকিমৰ অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে থকা সংৰক্ষণ তথা বিভিন্ন জনকল্যাণমূলক ব্যৱস্থাৰ

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  পিছপৰা শ্ৰেণীসমূহৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ হংসৰাজ গংগাৰাম অহিৰে আজি দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হয়। চৰকাৰী কাৰ্যসূচীৰ অংশ হিচাপে আজি তেওঁ গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাৰ সভাগৃহত অসম, মণিপুৰ আৰু ছিকিমৰ অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ সংৰক্ষণ তথা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় আয়োগখনৰ সচিব ৰাজীৱ ৰঞ্জন আৰু উপদেষ্টা ৰাজেশ কুমাৰৰ উপস্থিতিত তথা অসম, মণিপুৰ আৰু ছিকিম চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত অধ্যক্ষগৰাকীয়ে ৰাজ্যকেইখনত অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ তথা জনকল্যাণমূলক পদক্ষেপসমূহৰ বিতং পৰ্যালোচনা কৰি আঁচনিসমূহৰ ৰূপায়ণৰ দিশত কেতবোৰ পৰামৰ্শ আগবঢ়ায়। বৈঠকৰ আৰম্ভণিতে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সচিব বিশ্বজিৎ পেগুৱে ৰাজ্যখনত বৰ্তমানে থকা অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে থকা সংৰক্ষণৰ বিভিন্ন ব্যৱস্থাৱলী, অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে ৰূপায়ণ কৰা বিভিন্ন পদক্ষেপ তথা স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে প্ৰদান কৰা বিভিন্ন সা-সুবিধা, মিছন ভূমিপুত্ৰৰ জৰিয়তে জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ দিশত লাভ কৰা সূচলতাৰ বিভিন্ন দিশ সামৰি এক বিস্তৃত প্ৰেজেণ্টেচন আগবঢ়ায়। পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি ৰাষ্ট্ৰীয় আয়োগখনৰ অধ্যক্ষগৰাকীয়ে চৰকাৰী তথা বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহত অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ সংৰক্ষণৰ বাবে থকা ৰ’ষ্টাৰ পইণ্ট যাতে সূচাৰুৰূপে পালন হয় তাৰ বাবে বিভাগসমূহৰ নডেল বিষয়াসমূহক সামৰি সজাগতা তথা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পোষকতা কৰে। তেওঁ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন নিগমে অন্যান্য পিছপৰা শ্ৰেণীৰ জনসাধাৰণলৈ ঋণ প্ৰদানৰ সম্ভাৱনীয়তাৰ বিষয়টো চালি-জাৰি চোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অধ্যক্ষগৰাকীয়ে লগতে ৰাজ্যখনৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত নীতিগতভাৱে অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে থকা সংৰক্ষণ ব্যৱস্থাসমূহৰ যথাযথ নিৰীক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তদুপৰি বেচৰকাৰী চিকিৎসা প্ৰতিষ্ঠানসমূহতো এই সংৰক্ষণ ব্যৱস্থা প্ৰাৰম্ভণৰ সম্ভাৱনীয়তা সম্পৰ্কেও ভালদৰে চালি-জাৰি চোৱাৰ পৰামৰ্শ আগবঢ়ায়। অধ্যক্ষগৰাকীয়ে ৰাজ্য চৰকাৰে জাতিগত প্ৰমাণপত্ৰ বিদ্যালয় পৰ্যায়তে প্ৰদান কৰাৰ বাবে আৰম্ভ কৰা আঁচনি ‘মিছন ভূমিপুত্ৰ’ৰ শলাগ লয় আৰু এই ব্যৱস্থাৱলীৰ এক বিস্তৃত টোকা আয়োগলৈ প্ৰেৰণ কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। বৈঠকত অধ্যক্ষগৰাকীয়ে লগতে ছিকিম আৰু মণিপুৰত অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে থকা সংৰক্ষণ তথা জনকল্যাণমূলক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। আজিৰ বৈঠকত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীৎ সিং, ছিকিম চৰকাৰৰ পিছপৰা শ্ৰেণী ৰাজ্যিক আয়োগৰ সচিব জ্যোৎস্না এম কাৰ্থাক, মণিপুৰ চৰকাৰৰ অন্যান্য পিছপৰা আৰু অনুসূচিত জাতিৰ সঞ্চালক ভোগেন্দ্ৰ মেইটে, অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পিছতে অধ্যক্ষগৰাকীয়ে দুখন সুকীয়া বৈঠকত অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় শোধনাগাৰ, অ’ এন জি চি, গুৱাহাটী শোধনাগাৰ, ডিগবৈ শোধনাগাৰ, নৰ্থ-ইষ্টাৰ্ণ ক’লফিল্ড লিমিটেড, নীপকো ইত্যাদি প্ৰতিষ্ঠানসমূহৰ শীৰ্ষ বিষয়াসকলৰ সৈতে উক্ত প্ৰতিষ্ঠানসমূহত অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে থকা সংৰক্ষণ তথা জনকল্যাণমূলক ব্যৱস্থাৱলীৰ বিতং পৰ্যালোচনা কৰে।