পাৰ হৈ গল বছৰ এটি
উৎপল চুতীয়া,কোঁৱৰপুৰ,শিৱসাগৰ
বছৰ এটি অতিত হ’ল
থৈ গল কিছু অম্লমধুৰ স্মৃতি
আৰু কিছু দুখৰীয়া ছবি
ৰৈ গল বহু অপূৰ্ণ আশা
তথাপি চলি থাকিল জীৱন ডিঙা
এটা বছৰ পাৰ হৈ গল
অপ্ৰাপ্তিক পাবলৈ কত যে কত যে হেঁপাহ
জীৱনক জীপাল কৰাৰ
এটি এটি ক্ষণৰ আশা…
বছৰ এটি ইতিহাস হৈ এৰি গল
বুকুত অনেক সপোন গাঁথা
যেন অতৃপ্ত সূৰ্য শিখা…
