পাৰো যদি…
শুৱলা দাস, যোৰহাট
ভাল বুলি নকলেও
বেয়া বুলিও নকওচোন!
উপকাৰ নকৰিলেও
অপকাৰো নকৰোচোন।
ভাল নেপালেও
ঘৃণাও নকৰোচোন।
পুৰস্কাৰ নিদিলেও
তিৰস্কাৰো নকৰোচোন।
দান নিদিলেও
আজোৰিও নানচোন।
আদৰ নকৰিলেও
অনাদৰো নকৰোচোন।
সৃষ্টি নকৰিলেও
ধ্বংসও নকৰোচোন।
পৰিষ্কাৰ নকৰিলেও
প্ৰদূষণো নকৰোচোন।
ঘৰ পাতিব নোৱাৰিলেও
ঘৰবোৰ নাভাঙোচোন।
সম্পৰ্কবোৰ গঢ়িব নেজানিলেও
ধৰি ৰাখিবলৈকে শিকোচোন!
নৈতিকতাৰ উত্তৰণ নকৰিলৰেও
থকাখিনিকে ৰাখোচোন।
পৰক আপোন কৰিব নোৱাৰিলেও
আপোনকে পৰ কৰিবলৈও এৰোচন।
গছ ৰুবই নোৱাৰো যদি
কাটিবলৈকে এৰোচোন।
পৰৰ কথা, পৰৰ ভাষা নিশিকিলেও
নিজৰ কথাকে, নিজৰ ভাষাক
শুৱলাকৈ ৰাখোচোন!