পাৰিবাৰিক কন্দলৰ বাবেই এজন যুৱকে বাচি ল’লে চৰম পথ

পাৰিবাৰিক কন্দলৰ বাবেই এজন যুৱকে বাচি ল’লে চৰম পথ

ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ভিতৰদুৱাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।পাৰিবাৰিক কন্দলৰ বাবেই এজন যুৱকে বাচি ল’লে চৰম পথ৷জানিব পৰা মতে মাত্ৰ এমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল যুৱকজন৷যুৱকজনৰ নাম ছানিদুল ইছলাম৷মঙলবাৰে পুৱা নিজৰ ঘৰৰ ভিতৰতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।ঘৰুৱা কন্দলৰ বাবেই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ লোকৰ।আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে৷