পাৰস্পৰিক বুজাবুজিৰ বদলিকৰণ প’ৰ্টেল মুকলি মুখ্যমন্ত্রীৰ

পাৰস্পৰিক বুজাবুজিৰ বদলিকৰণ প’ৰ্টেল মুকলি মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত লোকসেৱা ভৱনত স্বাগত সতীৰ্থ প’র্টেলৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।  বদলিকৰণক স্বচ্ছতাৰ দিশলৈ নিয়াৰ বাবে ৰাজ্য চৰকাৰে শিক্ষকসকলৰ বদলিকৰণত আৰম্ভ কৰিছিল এক বিশেষ পদক্ষেপ। এই পদক্ষেপক আগত লৈয়েই স্বাগত সতীর্থ প’র্টেল আৰম্ভ কৰা হয়। প’র্টেলটো আনুষ্ঠানিকভাবে মুকলি মুখ্যমন্ত্ৰীয়ে কয়- চৰকাৰী দায়িত্ব অনুসৰি বিভিন্ন ৰাজ্যলৈ যাওঁতে মই চৰকাৰী কৰ্মচাৰীসকলক পৰম্পৰাগতভাৱে দি অহা সা-সুবিধাৰ লগতে আন কোনো সুবিধা প্ৰদান কৰা হৈছে নেকি এই বিষয় লক্ষ্য কৰোঁ। কিন্তু পৰম্পৰাগত সা-সুবিধাসমূহক বাদ দি কোনো ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে ব্যতিক্ৰমী তথা পৰম্পৰাৰ বাহিৰত সুবিধা প্ৰদান কৰা নাই। কৰ্মচাৰীৰ বাবে থকা নীতি-নিয়মৰ আধাৰতহে কাম কৰি আছে। দেশৰ ৬খন ৰাজ্যই কেন্দ্রীয় চৰকাৰৰ সমহাৰত মৰগীয়া ভাট্টা পৰিশোধ কৰি আহিছে যদিও বহু ৰাজ্যত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মাজত যথেষ্ট পার্থক্য আছে। আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ মৰগীয়া ভাট্টাৰ তুলনাত অসমৰ মৰগীয়া ভাট্টা ৩০ শতাংশ পার্থক্য দেখা যায়। ইয়াৰ বিপৰীতে জিডিপিৰ ক্ষেত্ৰতো তুলনা কৰিলে পশ্চিমবংগৰ ৭-৮ স্থানত থকাৰ বিপৰীতে অসমৰ স্থান ১৭। এনে প্রতিকূলতাৰ মাজতো কৰ্মচাৰীসকলক মানসিক সন্তুষ্টি দিয়া বাবে কেইবাটাও প্রচেষ্টা হাতত লোৱা হৈছে। উল্লেখ্য যে স্বাগত সতীর্থ প’ৰ্টেলৰ অধীনত ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বদলিৰ আদেশ-পত্র আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড° শর্মাই বিতৰণ কৰে। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- বর্তমান ৰাজ্য চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত দুর্নীতি নির্মূল কৰিবলৈ সক্ষম হৈছে। আজি যুৱক-যুৱতীৰ মাজত এনে বিশ্বাস গঢ় লৈ উঠিছে যে কষ্ট কৰিলে চাকৰি পোৱাটো সম্ভৱ। নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে শিক্ষক নিযুক্তি প্রক্রিয়া আৰম্ভ হৈছিল আৰু আৰক্ষী নিযুক্তিৰে সেই যাত্রা অতিক্ৰম কৰি লোকসেৱাকে ধৰি প্ৰতিটো চৰকাৰী বিভাগৰ নিযুক্তিত স্বচ্ছতা অনাটো সম্ভৱ হৈছে। এডিআৰই পৰীক্ষাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয়- এডিআৰই পৰীক্ষাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদকো স্বচ্ছ প্ৰক্ৰিয়াৰ মাজত সোমাই লোৱা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়েই নহয়, এপিডিচিএল আৰু আনুষংগিক কৰ্প’ৰেচনসমূহতো যুৱক-যুৱতীয়ে নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা দেখিবলৈ পাব। আন এক প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়- চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা তথা পাবলগীয়া সুবিধাসমূহৰ বিষয়ে এই চৰকাৰখনে সদায়ে শুনি আহিছে। ইতিমধ্যে আপোন ঘৰ আঁচনিৰ অধীনত ৪০ হাজাৰতকৈ অধিক কৰ্মচাৰীয়ে ১৫ লাখ টকাকৈ ঋণ ল’বলৈ সক্ষম হৈছে। এই ঋণ ৩০ লাখ টকালৈকে বৃদ্ধি কৰাৰ বাবে জনোৱা আবেদনো ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। আপোন ঘৰ আঁচনিৰ দৰে আপোন বাহন আঁচনিখনৰো সুবিধা লাভ কৰিছে কৰ্মচাৰীয়ে। এনেধৰণৰ আঁচনি দেশৰ আন ৰাজ্যত দেখিবলৈ পোৱা নাযায়। মুখ্যমন্ত্ৰীয়ে কয়-চৰকাৰী কৰ্মচাৰীসকলৰ দৰে চুক্তিবদ্ধ আঁচনিৰ অধীনতো কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ দিশতো বিশেষভাবে গুৰুত্ব দিছে ৰাজ্য চৰকাৰে। শেহতীয়াকৈ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সময়তো ৮ হাজাৰ টকা কমকৈ পাব বুলি জানিও হেজাৰ হেজাৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণত আবেদন জনাইছিল। তেওঁলোকৰ আশা- জীৱিকাৰ নিৰাপত্তা। সেয়েহে এনে নিয়মীয়াকৰণত শিক্ষকসকলক আদৰণি জনাইছোঁ। ৰাজ্য চৰকাৰে একেধৰণে অনুকম্পামূলক নিযুক্তি সলনি কৰি অৱসৰ পৰ্যন্ত দৰমহা লাভ কৰাৰ এক নতুন চৰকাৰী ব্যৱস্থা গ্রহণ কৰিছে। ইয়াৰ ফলত মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালে কৰ্মচাৰীজনৰ অৱসৰৰ দিনলৈকে লাভ কৰে দৰমহা।পাৰস্পৰিক বুজাবুজি বদলিকৰণৰ এই প্ৰক্ৰিয়াৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে। কয়- শিক্ষা বিভাগৰ মন্ত্ৰী হৈ থাকোঁতে শিক্ষকসকলৰ পাৰস্পৰিক বদলিকৰণ ব্যৱস্থাত আগভাগ লৈছিলোঁ। যোৱা ৭টা বছৰে নিৰন্তৰভাৱে বছৰত এবাৰ পাৰস্পৰিক বদলিকৰণৰ ব্যৱস্থা কৰা হৈছিল। শিক্ষা বিভাগত এই সফলতা। লাভ কৰাৰ পিছত তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ বদলিকৰণ ব্যৱস্থাটো স্বচ্ছতাৰে আগুৱাই নিয়াৰ বাবে স্বাগত সতীর্থ প’ৰ্টেল মুকলি কৰা হৈছে। ৰাজ্যিকভিত্তিক সংৰক্ষণ, মেধা তালিকা, জ্যেষ্ঠতা আৰু কনিষ্ঠতা আদি বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে এইক্ষেত্ৰত যিমান কৰিব লাগিছিল, সিমানখিনি হৈ উঠা নাই। অৱশ্যে কিছু নিয়ম শিথিল কৰাৰ পাছত ৪,৫০২টা পাৰস্পৰিক বুজাবুজি বদলিকৰণ সম্ভৱ হৈ উঠিছে। ইয়াৰ জৰিয়তে ৯,০০৪ গৰাকী কৰ্মচাৰী উপকৃত হৈছে। দূৰণিবটীয়া ঠাইসমূহত চাকৰিত যোগদান কৰিবলৈ যোৱা কৰ্মচাৰীসকলে সদায় মনত এটা বদলিৰ ভাব লৈ থাকে। কিন্তু এই প্ৰক্ৰিয়াৰ দ্বাৰা কৰ্মচাৰীসকলে চাকৰিৰ ক্ষেত্ৰত নিশ্চিত হৈছে। মুখ্যমন্ত্রীয়ে কয়-চৰকাৰী কাৰ্যালয়ত অতিথিৰ দৰে চাকৰি কৰাৰ যি নিয়ম আছিল, সেই প্রক্রিয়া এতিয়া নোহোৱা হ’ল। দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে অসমে প’ৰ্টেলৰ জৰিয়তে পাৰস্পৰিক বুজাবুজি বদলিকৰণৰ পদক্ষেপ গ্রহণ কৰিছে। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে এডিআৰইৰ নিযুক্তি প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ দুমাহৰ ভিতৰতে পুনৰ আকৌ এবাৰ বদলিকৰণ ব্যৱস্থা মুকলি কৰা হ’ব। যাতে কৰ্মচাৰীয়ে ইয়াৰ সুবিধা ল’ব পাৰে। ইয়াৰ সমান্তৰালকৈ কৰ্মচাৰীসকলৰ লগত জড়িত নৈমিত্তিক ছুটী, আর্জিত ছুটীকে ধৰি অন্যান্য বিষয়সমূহো কেনেদৰে প্ৰযুক্তিৰ দ্বাৰা প’ৰ্টেল আৰু ছিষ্টেম জেনেৰেট কৰিব পাৰি সেই বিষয়েও চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে। মুখ্যমন্ত্ৰীয়ে কয় যে  যিসকলে স্বাগত সতীর্থ প’ৰ্টেলৰ জৰিয়তে বদলিকৰণৰ আদেশ লাভ কৰা নাই, তেওঁলোকে অহা নৱেম্বৰ-ডিচেম্বৰ মাহত পুনৰ আবেদন কৰাৰ সুযোগ পাব। মুখ্যমন্ত্রী ড° শৰ্মাই এই অনুষ্ঠানতে মুখ্যমন্ত্রী জীৱন অনুপ্ৰেৰণা আঁচনিখনৰো শুভাৰম্ভ কৰে। আঁচনিখন শুভাৰম্ভ কৰি মুখ্যমন্ত্রীয়ে কয়- এই আঁচনিৰ জৰিয়তে অসমৰ চৰকাৰী আৰু কেন্দ্রীয় তথা ৰাজ্যিক বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা ছাত্র-ছাত্রীসকলক এককালীন ২৫,০০০ টকা দিয়া হ’ব। ছাত্র-ছাত্ৰীগৰাকীক দিব্যাংগ হ’লে ৪০ হাজাৰ টকা পর্যন্ত দিয়া হ’ব। ব্যক্তিগত বিশ্ববিদ্যালয়সমূহত গৱেষণা কৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এই আঁচনি প্রযোজ্য নহ’ব বুলি তেওঁ কয়। প্ৰাৰম্ভিক তথ্য মতে, এই আঁচনিৰ জৰিয়তে ৫০ গৰাকী দিব্যাংগ গৱেষক আৰু ১,০০০ গৰাকী গৱেষক ছাত্র-ছাত্রী উপকৃত হ’ব। এই আঁচনিখনৰ বাবে প’র্টেল মুকলি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা ১৫ আগষ্ট পর্যন্ত এই প’র্টেল খোলা থাকিব। ২৫ ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ কৰা হ’ব বুলি তেওঁ কয়। অহা ১ অক্টোবৰৰ অথবা বিজয়া দশমীৰ পিছতে এই আঁচনিৰ ধন হস্তান্তৰ কৰা হ’ব। মুখ্যমন্ত্রীয়ে নিযুত মইনা আঁচনিৰ প্ৰসংগ উল্লেখ কৰি কয় যে এই আঁচনিৰ জৰিয়তে ছোৱালীৰ সম্পূৰ্ণ শিক্ষা ব্যয় চৰকাৰে বহন কৰিছে। নিযুত মইনা আঁচনিৰ বাবে বিদ্যালয়সমূহত ড্রপ আউটৰ সংখ্যা দিনকদিনে হ্রাস পাব ধৰিছে। এই আঁচনিৰ জৰিয়তে স্নাতকোত্তৰত অধ্যয়নৰত ছাত্ৰীসকলে ২,৫০০ টকা, স্নাতক পাঠ্যক্ৰমত ১,২৫০ টকা আৰু উচ্চতৰ মাধ্যমিকৰ বাবে ১,০০০ টকা দিয়া হয়। ছোৱালীসকল যথেষ্ট সংবেদনশীল। পিতৃ-মাতৃৰ আৰ্থিক অনাটনৰ বাবে ছোৱালীসকলে শিক্ষা সমাপ্ত কৰিবলগীয়া হয়। সেই কাৰণে বিদ্যালয়সমূহত ছোৱালীৰ ড্রপ আউটৰ সংখ্যা আটাইতকৈ বেছি। বিনামূলীয়া নামভর্তি নথকাহেঁতেন, অসমত ড্রপ আউটৰ সংখ্যা বৃদ্ধি পালেহেঁতেন। ছাত্র-ছাত্ৰীৰ বাবে বিনামূলীয়া নামভর্তি, মধ্যাহ্ন ভোজনৰ ওপৰত বহু গৱেষণা-পত্র ওলাইছে তাক কার্যক্ষেত্রত দেখা পোৱা গৈছে। ভাষণ প্রসংগত মুখ্যমন্ত্রী ড° শর্মাই অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ সন্মিলনত আলোচনা হোৱা বুলি উল্লেখ কৰি কয়- অনুষ্ঠিত হৈ যোৱা মুখ্যমন্ত্রী সন্মিলনত অসমৰ স্বচ্ছ নিযুক্তি আমি কেনেদৰে এডিআৰই আইন প্ৰস্তুত কৰি গ্রেড-৪ আৰু গ্রেড-৩ কমিছন কৰি সকলো বিভাগৰে পদৰ বাবে একত্রিতভাৱে পৰীক্ষা পতা হৈছিল এই বিষয়ে যথেষ্ট চর্চা হৈছিল। ভাৰতৰ আটাইবিলাক ৰাজ্যই পৰৱৰ্তী সময়ত অসমলৈ আহি এই স্বচ্ছ নিযুক্তিৰ বিষয়ে ধাৰণা লৈছিল। হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যই অসমৰ দৰে নিযুক্তি দিবলৈ সক্ষম হৈছিল। এই বছৰত অনুষ্ঠিত হোৱা মুখ্যমন্ত্রী সন্মিলনত বাল্যবিবাহ আৰু নিযুত মইনা আঁচনিৰ মাজত থকা সম্পৰ্ক আৰু এই আঁচনি দুখনে অসমত কেনেকৈ বাল্যবিবাহ ৰোধ কৰিছিল সেই বিষয়ে প্রেজেন্টেচন কৰা হৈছিল বুলি তেওঁ কয়। প্রধানমন্ত্রীয়ে ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক নির্দেশ দিছিল যাতে এই আঁচনিখনৰ বিষয়ে অধ্যয়ন কৰে পৰৱৰ্তী সময়ত নিজৰ ৰাজ্যৰ পৰিস্থিতি অনুযায়ী নিজৰ নিজৰ ৰাজ্যত এই আঁচনিখন ৰূপায়ণ কৰিব লাগে। এই অনুষ্ঠানত মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, পীযূষ হাজৰিকা, যোগেন মহন, ইউ জি ব্রহ্ম, কৌশিক ব্যৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ শীৰ্য বিষয়াসকল উপস্থিত থাকে।