পাহৰণি গৰ্ভত হেৰাই যোৱা সাধু আৰু আইতাৰ স্মৃতি সুৱৰি – পৰিস্মিতা বৰা হাজৰিকা

পাহৰণি গৰ্ভত হেৰাই যোৱা সাধু আৰু আইতাৰ স্মৃতি সুৱৰি

পৰিস্মিতা বৰা হাজৰিকা,মাজুলী

” সাধু সাধু সাধু
খাই কঠালৰ বাদু
তামোলে পেলালে ডাবি
কোন ক’লৈ যাবি ?”

জোনাক ৰাতি চোতালত বহি আইতাই কোৱা ৰজা – ৰাণী , সদাগৰৰ সাধুবোৰৰ স্মৃতি আজিও মানসপটত ধৰা দিয়ে । কণমানি নাতিকেইটাক বুকুত সাবটি আইতাই কোৱা সাধুবোৰ এক জীৱন্ত কাহিনী যেন অনুভৱ হয় । তেজীমলা জনীক মাহীমাকে কৰা অত্যাচাৰ , চম্পাৱতীৰ দুখ – সুখবোৰ এতিয়াও হৃদয়ৰ কোনোবা কোণত সাচি থলোঁ গোপনে । ককা আইতাৰ সাধুবোৰে নাতিকেইটাক কেৱল আমোদেই দিয়া নাছিল , আমাৰ মনত সিচি দিছিল শিক্ষাৰ বীজ আৰু এখনি কল্পনাৰ সাগৰ । অতীজৰে পৰা মুখে মুখে চলি অহা সাধুবোৰে লৰা ছোৱালীৰ মনত আমোদ দিয়াৰ লগতে চিন্তাৰ খোৰাকো জগাইছিল ।প্ৰতিটো কাহিনীয়ে শিশুৰ মনত সাচ বহুৱাইছিল । যেনেকৈ এটি শিশুৰ শাৰিৰীক বিকাশৰ বিকাশৰ বাবে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন তেনেকৈ মানসিক , বৌদ্ধিক বিকাশৰ বাবে খেলা ধুলাৰ লগতে গীত মাত আৰু সাধুৰো প্ৰয়োজন আছে । শিশুৰ কল্পনা শক্তিৰ বিকাশ তো সাধুৰ গুৰুত্বপূৰ্ণ ভুমিকা আছে । শিশুৱে শৈশৱতে শুনা সাধুৰ জৰিয়তে চৰাই চিৰিকতি , অৰণ্য , পাহাৰ , জান জুৰি , ৰজা-মহাৰজা আৰু ৰাজকুমাৰী ছবি মনতে অংকন কৰি লয় আৰু সুন্দৰ কাহিনী উপস্থাপন কৰি লব পাৰে ।

কিন্তু বৰ্তমান সময়ত সকলো হেৰাই গ’ল পাহৰণিৰ গৰ্ভত । হেৰাই গ’ল ককা -আইতা আৰু নাতিৰ সেই মধুৰ মুহুত্ববোৰ । সময়ৰ পৰিবৰ্তনৰ লগে লগে সকলো ইমানেই ব্যস্ত হৈ পৰিল যে কাৰো কতো ৰবলৈ আহৰি নাই । বৰ্তমান সময়ত লৰা ছোৱালী আধুনিক শিক্ষাৰ প্ৰভাৱত পৰি কম্পিউটাৰ , মোবাইল , হমৱৰ্কৰ মাজত ইমানে ব্যস্ত হৈ পৰিল যে সিহঁতৰ ককা -আইতাৰ সাধু শুনাৰ সময়ে বা ক’ত ?

সাধু কেৱল লোক সাহিত্যৰ সম্পদেই নহয় , শিশুৰ মনোজগতৰ এক আহিলাও । শিশুৰ কুমলীয়া মনত এখন বেলেগ জগতৰ ছবি সৃষ্টি হয় । নজনাতো জানিবলৈ এক কৌতূহলৰ সৃষ্টি হয় । কিন্তু আজিৰ শিশুৰ মাজত সেই মন দেখা পোৱা নাযাই ।আজৰি সময় পালেই ব্যস্ত হয় মবাইলত কাৰ্টুন চোৱা বা গেম খেলাত । কিন্তু আজৰি সময়ত সাধু কিতাপ এখন পঢ়িবলৈ ইচ্ছা নকৰে । যান্ত্ৰিকতাৰ দৌৰত ককা – আইতা আৰু নাতিৰ সেই সম্পৰ্কবোৰ ঘুনে ধৰা পৰিলক্ষিত হয় । আৱৰ্জনা সদৃশ হৈ পৰিল সময়বোৰ । নিজৰ মনতে এশ এবুৰি প্ৰশ্ন হয় অভিভাৱকৰ ভুলৰ বাবেই হয়তো আজিৰ শিশুৱে শৈশৱৰ মধুৰ সময়বোৰ হেৰুৱাই পেলাইছে । প্ৰতিযোগিতাৰ দৌৰত সিহঁত ইমানেই দৌৰিছে যে শৈশৱৰ বৈশিষ্ট্যই পাহৰি গ’ল । সিহঁতৰো যে এটা কণমানি মন আছে , ভাল লগা , বেয়া লগা অনুভৱ আছে আমি পাহৰিয়ে গলোঁ । আনৰ সন্তানৰ লগত প্ৰতিযোগিতাত নামি শৈশৱৰ নিমৰ্ল আনন্দবোৰ হেৰুৱাই পেলাইছো । আমি প্ৰতিজন অভিভাৱকে এজন সুস্থ নাগৰিক গঢ় দিবৰ বাবে নিজৰ সন্তানৰ শৈশৱটো হত্যা নকৰি সিহঁতৰ সোণোৱালী ক্ষণবোৰ ঘুৰাই দিব নোৱাৰো নে ?