পাহাৰ খনে কান্দিছে
মুন শৰ্মা, লখিমপুৰ
পাহাৰ খনে কান্দিছে,
উদং বুকু খন খহিছে,
সেউজীয়া বোৰ লুপ্ত হ’ল,
জীৱকুল আঁতৰি গ’ল।
আশ্ৰয় দিব নোৱাৰা হ’ল,
মানুহৰ কামনাৰ বলি হ’ল,
মানুহৰ স্বাৰ্থত বিক্ৰী হ’ল।
শিক্ষিত হৈও জ্ঞানশূণ্য মানুহ,
বিবেক থাকিও বিবেকহীন মানুহ,
নাভাবিলে এবাৰ পাহাৰ খনৰ কথা,
দৃষ্টিগোচৰ আকৌ এবাৰ,
উপকাৰীক বোলে অজগৰে খায়” ।
ভুল নাছিল পাহাৰ খনৰ,
তথাপিও কৰা হ’ল ধ্বংস তাক।
পাহাৰ খন শত্ৰু নাছিল মিত্ৰ আছিল আমাৰ,
কৰিছিল নিঃস্বাৰ্থ সহায় আমাক,
কিন্তু নিদিলোঁ সি কৰা সহায়ৰ সামান্য মূল্য,
ধ্বংস কৰি বিশ্বাসঘাটকতা কৰি দিলোঁ আমি।
সচাঁই নিম্নমানৰ আমাৰ মানসিকতা,
শিক্ষিত হৈও অশিক্ষিত আমি।
স্বাৰ্থপৰ আমি , চিন্তানিম্ন আমিবোৰ,
সহায়ৰ মূল্য দিব নোৱাৰা দৰিদ্ৰ আমিবোৰ
