খৰাং,ৰুগ্ন পাহাৰখনে আজি উচুপি উঠে
টেটুফলা ক্ৰন্দনবোৰ প্ৰতিধ্বনি হৈ
বিলীন হৈ যায় তাৰ শুষ্ক মাটিতে।
তাৰ উচুপনিবোৰ
স্বাৰ্থপৰ মানুহবোৰৰ কাণত
ৰিণিকি-ৰিণিকি বাজি নুঠে;
নতুবা শিল যেন হৃদয়খন গলাব নোৱাৰে।
পাহাৰৰ সুখৰ হাঁহিবোৰ সমীৰ হৈ বলোৱা
সেউজী বিৰিখবোৰ আজি মৃত্যুৰ শৰ্য্যাত !
পাহাৰৰ দুখৰ চকুলো ধুই
জিৰি জিৰিকৈ বৈ যোৱা
নিজৰাটি আজি নৰ্দমাৰ কোলাত।
শিল-বালিৰে সজা ওখ-ওখ ঘৰবোৰে
পাৰিছেনে কঢ়িয়াব অনাবিল শান্তি ?
ক’ত লুকাল হেজাৰ প্ৰজাতিৰ পক্ষী ?
পাহাৰটোৰ উশাহ ল’বলৈও চোন আজি বৰ কষ্ট !
মানুহে ইচ্ছানুযায়ী সজাইছে
ইচ্ছানুযায়ী কিনি পেলাইছে তাৰ উশাহক।
পাহাৰটো কেৱল থিয় দি ৰৈছে
ধাতৱ মূৰ্তি এটাৰ দৰেই।
আজিকালি জাক জাক পক্ষীৰ কলৰৱত
পাহাৰটো জাগি নুঠে,
বিৰিখৰ মাজেৰে কুঁৱলীৰ আচ্ছাদন ফালি
পুৱাৰ সুৰুযৰ হেঙুল কিৰণে
পাহাৰটোক নুচুৱে ।
বৰ অকলশৰীয়া,
পাহাৰবোৰ সঁচাই দুৰ্ভগীয়া ।
বৰষুণজাক পৰিলেই পাহাৰবোৰেও উচুপে
ৰ’দ ওলালেই খঙত জ্বলে ।