পাব্লিক প্ৰেছৰ ষষ্ঠ বৰ্ষপূৰ্তিৰ অনুষ্ঠান

পাব্লিক প্ৰেছৰ ষষ্ঠ বৰ্ষপূৰ্তিৰ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- ডিজিটেল মাধ্যমৰ অন্যতম পাব্লিক প্ৰেছৰ ষষ্ঠ বৰ্ষপূৰ্তিৰ অনুষ্ঠান ১৮ ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। কাৰ্যবাহী সম্পাদক মনোজ কুমাৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানত সম্পাদক অনিৰ্বাণ সেনে উদ্দেশ্য ব্যাখ্যা কৰে৷সাংবাদিক ভাস্কৰ শৰ্মাই সাংবাদিকৰ ঐক্য, অধিকাৰ, দায়িত্ব সম্পৰ্কে চমু বক্তব্য আগবঢ়োৱাৰ উপৰি পাব্লিক প্ৰেছৰ বৰ্ষপূৰ্তি উপলক্ষে প্ৰকাশ কৰি উলিওৱা পত্ৰিকা ‘সোঁৱৰণী বৈভৱ’ত প্ৰকাশিত সাংবাদিক, লেখিকা, কবি ৰশ্মিৰেখা সাউদ কলিতাৰ সাংবাদিকক লৈ ৰচিত ‘আপুনি কলমৰ মুকুট পিন্ধা ৰজা’ শীৰ্ষক কবিতাটো পাঠ কৰে৷অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে৷