পানী
কথাবোৰ পানীতকৈও পাতল
ওপঙি থাকে মেটেকাৰ দৰে
সেয়া দেহৰ পানীয়েই হওক
ভদীয়া বানৰ পানীয়েই হওক
নতুবা
খৰালি নদী শুকাই তলি ওলোৱা পানীয়েই হওক !
পানীৰ দৰে পাতলীয়া কথাবোৰ
উৰি ফুৰে আকাশৰ বুকুত
মেঘ হে
ডাৱৰ হৈ
অথবা বৰষুণ হৈ…
পানী কথা সকলোৱে কব পাৰে
পেনপেনীয়াকৈ
লেহেমীয়াকৈ
আৰু অৰ্থহীনকৈ…
কথাবোৰ পানীৰ দৰে নহৈ
বোঁৱতী নৈৰ সোঁতৰ দৰে হ’ব লাগে
গহীন
গম্ভীৰ
অৰ্থৱহ আৰু অৰ্থপূৰ্ণ ।
সত্যজিৎ গগৈ
চাচনি
চাচনি
