পাণ্ডু ঘাটত উপস্থিত হৈ ষট পূজাৰ আশিস ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

পাণ্ডু ঘাটত উপস্থিত হৈ ষট পূজাৰ আশিস ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত দেখা গ’ল পবিত্র ষট পূজা উপলক্ষে উখল-মাখল পৰিৱেশ। বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ভক্তিপূর্ণভাৱে পালন কৰিলে এই ধর্মীয় উৎসৱটি।গুৱাহাটীৰ পাণ্ডু ঘাটত আজি পুৱাতে হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত উদযাপন কৰা হয় ষট পূজা। সূর্য দেৱতাৰ পূজা-অর্চনা চলি থকাৰ সময়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা পাণ্ডু ঘাটত উপস্থিত হৈ সূর্য দেৱতাৰ আশীর্বাদ লয়। ব্ৰহ্মপুত্ৰ ঘাটত উপস্থিত ভক্তক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। পাণ্ডু ঘাট আৰু পাণ্ডু কলনীৰ বিভিন্ন স্থানতো অনুষ্ঠিত হয় পূজা-পার্বণ।