অৱলোকন
পাণ্ডুলিপি, বেটুপাত
কনক শৰ্মা,
দমদমা-হাজো
অসমীয়া সাহিত্য-সংস্কৃতিৰ অন্যতম অগ্ৰণী আলোচনী “প্ৰান্তিক”ৰ ২৮/০৮/১৯৮৩ ইং তাৰিখে প্ৰথিতযশা কৃতবিদ্য সাহিত্যসাধক ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া ডাঙৰীয়াই আলোচনীখনৰ “শেষ পৃষ্ঠা” শিতানত এটা খুবেই চিন্তনীয় বিষয়ক আলোচনা আগবঢ়াইছিল।
আলোচ্য বিষয়টো আছিল “পাণ্ডুলিপি আৰু বেটুপাত”।
আলোচনাৰ পটভূমি আছিল অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমে প্ৰকাশ কৰা পাঠ্যপুথিৰ তথ্য, ভাষা আদিৰ বিভ্ৰাট। পাঠ্যপুথিৰ বানান বিভ্ৰাট আৰু তথ্যৰ ভুলক আঙুলিয়াই দি লিখা ভালেমান চিঠি-পত্ৰ হেনো প্ৰান্তিকৰ কাৰ্য্যালয়ে পাইছিল।
আলোচনীখনৰ সম্পাদক হিচাপে ডঃ শইকীয়াই সমগ্ৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি কৈছিল,–
” সাম্প্ৰতিক সময়ত নিষ্ঠা, ধৈৰ্য্য আৰু পৰিশ্ৰমেৰে কাম কৰা পাঠ্যপুথি লেখকৰ সংখ্যাটো আমাৰ ৰাজ্যখনত বৰ ডাঙৰ নহয়। কিন্ত্ত তেনে লেখক যিখিনি আছে তেওঁলোকক যথোপযুক্তৰূপে ব্যৱহাৰ কৰাটো নিৰ্ভৰ কৰে নিগমৰ পাণ্ডুলিপি প্ৰস্তুত কৰা ভাগটোৰ নিষ্ঠা, সততা আৰু দক্ষতাৰ ওপৰত।”
তেখেতে লগতে কৈছিল, — “এখন প্ৰয়োজনীয় কিতাপ ছাত্ৰ-ছাত্ৰীয়ে এমাহ পলমকৈ পোৱা বা কিতাপখনৰ কাগজ, ছপা-বন্ধা আদি নিম্নমানৰ হোৱাৰ পৰা ছাত্ৰ ছাত্ৰীৰ যি ক্ষতি হয়, সেইখনত থকা বৰ্ণনা-তথ্য, ভাষা-বানান আদিৰ ভুলৰ পৰা তেওঁলোকৰ আৰু সমগ্ৰ জাতিটোৰ তাতকৈ বহু বেছি ক্ষতি হয়। এই ক্ষতিৰ অকল পৰিমাণেই নহয়, গভীৰতাও বহু বেছি।” (শেষ পৃষ্ঠা, ডঃ ভবেন্দ্ৰ নাথ শইকীয়া, ১৯৯৭)
ৰাজহুৱা স্বাৰ্থ জড়িত বা ঐতিহ্যমণ্ডিত অনুষ্ঠান প্ৰতিষ্ঠানৰ কোনো গ্ৰন্থ বা আলোচনী আদি প্ৰকাশ কৰাৰ ক্ষেত্ৰতো পাণ্ডুলিপিৰ ছপাৰূপটো যদিহে বানান, তথ্যগত দিশ বা আঙ্গিকৰ দিশবোৰ বিভ্ৰান্তিকৰ হয় শ্ৰদ্ধাৰ ডঃ শইকীয়াই কোৱা ধৰণে এটা মহত্বপূৰ্ণ অনুষ্ঠানৰে নহয় বৰং ই সমগ্ৰ জাতিটোৰে ক্ষতিকাৰক হয়।
বিষয়টোৰ সৈতে সম্পৰ্কীত “অসমীয়া আখৰ জোঁটনিৰ কথা” নামৰ গ্ৰন্থখনৰ প্ৰণেতা ডঃ শিৱনাথ বৰ্মন ডাঙৰীয়াই গ্ৰন্থখনৰ পাতনিত কোৱা কথা এষাৰৰ উদ্ধৃতিৰ লোভ সামৰিব নোৱাৰিলোঁ। তেখেতে লিখিছে,–
” নিজৰ ল’ৰা ছোৱালীক ইংৰাজী ভাষা শিকোৱাৰ প্ৰতি আজিকালি আমাৰ উৎসাহ বাঢ়িছে, কিন্ত্ত সেই অনুপাতে কমি গৈছে তেওঁলোকক অসমীয়া ভাষা শিক্ষা দিয়াৰ প্ৰতি আমাৰ আগ্ৰহ।
ইংৰাজীৰ ‘i’ আখৰটোত থকা ফুটাটো কিবাকৈ বাদ পৰিলে আমি সকলোৱে হুলস্থূল লগাওঁ , কিন্তু কোনোবাই যদি ট-ৰ ঠাইত ত বা ণ-ৰ ঠাইত ন লিখে , তেতিয়া আমি কোনেও অকণো কেটকুট নকৰোঁ। ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ প্ৰতি আমাৰ ইমানেই চেনেহ !”
কেইবছৰমানৰ আগতে এখন আলোচনীৰ এটি নিবন্ধত এজন প্ৰখ্যাত চিন্তাবিদে লিখা কথা এটি মনত পৰিছে। তেখেতে লিখিছিল, — “সেৱাৰ মনোভাৱ আৰু সামাজিক দায়বদ্ধতাক দূৰতে বিদূৰ কৰি ভাষা সাহিত্যৰ কটকিনা জ্ঞানেৰে এচাম লোকে আজিকালি সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ গ্ৰন্থ, আলোচনী আদিৰ সম্পাদনা কাৰ্য্যলৈ মন মেলাটো এক প্ৰকাৰ ‘ফেশ্বন ‘ হৈছে। এনে কু প্ৰবৃত্তিৰ ফল মাত্ৰ ভাষাটোৱেই যে ভূগিছে এনে নহয় বৰং একো একোটা অনুষ্ঠানৰ প্ৰসিদ্ধিত অন্তৰায়ৰ সৃষ্টি হয় আৰু এচাম লেখক হতাশগ্ৰস্ত হয়।”
সমাজ জীৱনৰ সৈতে সম্পৃক্ত সংশ্লিষ্ট আটায়ে আজি এই কথাবোৰ নতুনকৈ উপলব্ধি কৰাটো সময়ৰ আহ্বান।
