পাটনাৰ বিশ্বেশ্বৰ্য ভৱনৰ কেইবাটাও কাৰ্যালয় জুইত ভস্মীভূত
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাতিপুৱা প্ৰায় ৭:৩০ বজাত বিহাৰৰ পাটনাৰ জৱাহৰ লাল নেহৰু মাৰ্গৰ বিশ্বেশ্বৰ্য ভৱনত (যাক কাৰিকৰী সচিবালয় বুলিও কোৱা হয়) ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত কেইবাটাও কাৰ্যালয় ধ্বংস হয়।শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগা বুলি কোৱা হৈছে। ভৱনটোৰ ভিতৰত আৱদ্ধ কিছুমান শ্ৰমিকক সময়মতে উদ্ধাৰ কৰা হৈছিল। কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।