পাটনাত আৰজেডি নেতাক নৃশংস হত্যা

পাটনাত আৰজেডি নেতাক নৃশংস হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ৰক্তাক্ত হৈ পৰিল বিহাৰ। পাটনাত ৰাষ্ট্ৰীয় জনতা দলৰ এগৰাকী নেতাক অজ্ঞাত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি ৰাজকুমাৰ ৰায় ওৰফে আল্লাহ ৰায়ক নিশা মুন্নাচ’ক অঞ্চলত দুজন যুৱকে আক্রমণ কৰে। আক্রমণত থিতাতে ঢলি পৰে ৰাজকুমাৰ। আক্ৰমণৰ পিছতে দুষ্কৃতিকাৰীয়ে পলায়ন কৰে। ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হৈ আহত ৰাজকুমাৰক ততাতৈয়াকৈ চিকিৎসালয়ত ভর্তি কৰে যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। প্রাথমিক তদন্তত ভূমি বিবাদৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে।