পাঞ্জাবাৰী সেউজী কবি সন্মিলনৰ কাব্যচ’ৰা

পাঞ্জাবাৰী সেউজী কবি সন্মিলনৰ কাব্যচ’ৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  পাঞ্জাবাৰী সেউজী কবি সন্মিলনৰ ৩য় দ্বিমাহিলি কবিতা চ’ৰা পাঞ্জাবাৰী উদ্যান প্ৰাঙ্গনতআজি অনুষ্ঠিত হয় । সহকাৰী সম্পাদিকা সমীজান বেগমে আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে শাখাৰ সভাপতি মফিজুদ্দিন আহমদে । অসম কবি সন্মিলনৰ সভাপতি  অতুল তামুলী, মুখ্য অতিথি অন্নপ্ৰভা কাকতি, বিশিষ্ট অতিথি হৰেশ্বৰ ডেকা, কাৰ্য্যকৰী সভাপতি ড°পাৰুল গোস্বামীৰ লগতে পৰ্যালোচিকাৰূপে ড°চৈয়দা জাহানাৰা বেগমে মঞ্চত আসন গ্ৰহণ কৰে । বিশিষ্ট অতিথি হৰেশ্বৰ ডেকাই তেওঁৰ ভাষণত কয় যে অসমীয়া এটা প্ৰাচীন আৰু সমৃদ্ধ ভাষা, ইয়াৰ শব্দ ভাণ্ডাৰ অতিকৈ চহকী যদিও বাংলা ভাষা আদিৰ তুলনাত ই বহুতো পিছপৰি আছে আৰু তুলনামূলকভাৱে ই স্তিমিত হৈ পৰিছে । ইয়াক আগুৱাই নিয়াৰ দায়িত্ব আজিৰ প্ৰজন্মৰ । মুখ্য অতিথি অন্নপ্ৰভা কাকতিয়ে কয় যে কবিতাৰ সংজ্ঞা সঠিকভাৱে এতিয়ালৈকে কোনেও ঠিৰাং কৰিব পৰা নাই । সম্ভৱতঃ কবিতাৰ সৃষ্টি প্ৰথম আমাৰ দেশতে হৈছিল । এতিয়া আমাৰ কৰ্তব্য ইয়াক আগুৱাই লৈ যোৱা । ভাল কবিতা ৰচনা কৰিবলৈ কবি সকলে আন আন কবিৰ কবিতা অধ্যয়ন কৰাৰ নিতান্ত প্ৰয়োজন বুলিও উল্লেখ কৰে । । অনুষ্ঠানটোত অতুল তামুলীয়ে বেলাড বা কাহিনীগীতি সম্পৰ্কে আৰু ড°চৈয়দা জাহানাৰা বেগমে  জ্ঞানপীঠ বঁটা প্ৰাপক নীলমণি ফুকনৰ বিষয়ে প্ৰৱন্ধ পাঠ কৰে । আজিদা বেগম, অঞ্জনা দাস, মনোমোহন শ‌ইকীয়া, দীপিকা কলিতা, ৰুণুদেৱী শৰ্মা, গিৰিজা দেৱী, মহেশ্বৰ বৰা, হৰেশ্বৰ ডেকা, অন্নপ্ৰভা কাকতি, মাধুৰী ভূঞা কলিতা আৰু মফিজুদ্দিন আহমদে কবিতা পাঠ কৰে। ডাঃ উপেন কাকতিয়ে জীৱনানন্দ দাসৰ ‘বনলতা সেন’ কবিতাটি আবৃত্তি কৰাৰ উপৰিও সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় । সভাত শাখাটিৰ আৰম্ভণি গীত সম্পৰ্কেও এটি প্ৰস্তাৱ গ্ৰহণ কৰা হয় । এই সভাতে কেইবাজনো অসম কবি সন্মিলনৰ আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ‌ প্ৰদান কৰা হয়৷