পাঞ্জাবাৰী ঐতিহাসিক মন্দিৰত বিশ্ব শান্তি আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শ্ৰীশ্ৰী শনি মহাযজ্ঞৰ আয়োজন

পাঞ্জাবাৰী ঐতিহাসিক মন্দিৰত বিশ্ব শান্তি আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শ্ৰীশ্ৰী শনি মহাযজ্ঞৰ আয়োজন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰত্যেক বছৰৰ দৰে এই বছৰো অহা  ৭ ফেব্ৰুৱাৰী শনিবাৰে  পাঞ্জাবাৰী ঐতিহাসিক মন্দিৰত শ্ৰীশ্ৰী শনি বাৰ্ষিক মহাযজ্ঞৰ আয়োজন  কৰা হৈছে ৷এই বেলি ৰাইজে সমগ্ৰ বিশ্বতে বিৰাজমান অশান্তি দূৰ কৰি শান্তি স্থাপন লগতে মহান শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগ তথা হত্যাৰ ন্যায় বিচাৰি আহুতি প্ৰদান কৰিব ৷  অনুষ্ঠানত জুবিন গাৰ্গৰ অনুৰাগী শিল্পী আৰু যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰিব। কাৰ্যসূচী অনুশৰি পুৱা ৯ বজাত মন্দিৰৰ মূল পূজাৰীৰ দ্বাৰা যজ্ঞৰ ধ্বজা উত্তোলনৰ পাছতে অধিবাস আৰম্ভ হব ৷ তদুপৰি  সূৰ্যৰ পৰা অগ্নি আহৰণ, আয়তীৰ নাম আদিৰ লগতে অনুষ্ঠিতব্য পূণাৰ্হুতি প্ৰদান  কাৰ্যসূচীত কেইবাজনো মন্ত্ৰী আৰু শাসক- বিৰোধীৰ বিধায়কৰ লগতে জুবিন অনুৰাগীসকলে অংশগ্ৰহণ কৰিব ৷ বাৰ্ষিক মহাযজ্ঞ উপলক্ষে  সেইদিনা বিয়লি ৩ বজাত ঐতিহাসিক মন্দিৰৰ প্ৰাঙ্গনত শনি মহাযজ্ঞ পৰিচালনা সমিতিয়ে এক অন্তৰংগ অনুষ্ঠানৰো আয়োজন কৰিছে ৷ শ্ৰীশ্ৰী শনি মন্দিৰৰ  বাৰ্ষিক শনি মহাযজ্ঞ পৰিচালনা সমিতিৰ সম্পাদক বিপুল শম্মাই মহাযজ্ঞৰ সমূহ অনুষ্ঠানত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে ৷