পাঞ্জাবাৰীত ৫৬ জন ঠিকাভিত্তিক কৰ্মচাৰীক ৫ লাখকৈ সাহাৰ্য্য

পাঞ্জাবাৰীত ৫৬ জন ঠিকাভিত্তিক কৰ্মচাৰীক ৫ লাখকৈ সাহাৰ্য্য

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্তব্যৰত অৱস্থাত পৰলোকপ্ৰাপ্তি হোৱা ৫৬ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকটাত্মীয়লৈ ৫ লাখ টকাকৈ এককালীন সাহায্যৰ অনুমোদন পত্ৰ বিতৰণ কৰাৰ লগতে প্ৰয়াত কৰ্মচাৰী কেইগৰাকীৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰা হয়৷উক্ত কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত থাকে৷