পাছপ’র্টকেইখন সঁচা হ’লে ৰিণিকি ভূঞা শৰ্মাক গুলীয়াই মাৰকঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰিণিকি ভূঞাৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৱন খেৰাই উত্থাপন কৰা অভিযোগৰ বাবে কংগ্ৰেছ-নেতাজনৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ ভিতৰত মানহানি আৰু অপৰাধমূলক গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। দিল্লীত কংগ্রেছ-নেতা খেৰাই সংবাদমেলত মুখ্যমন্ত্রী ড° শৰ্মাৰ পত্নীৰ বিৰুদ্ধে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল। সমগ্র বিষয়টোক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড° শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে এইবোৰ ফাল্টু কথা। ভাষা ভুল-বানান ভুল। কিমান আৰু ফটোশ্বপ কৰিব? কংগ্ৰেছে গম পালে মোক আৰু বলে নোৱাৰে। এতিয়া ভুৱা নথি বনোৱা আৰম্ভ কৰিছে। আজি নিশাই থানাত আমি গোচৰ দিম। অসম আৰক্ষীক মই অনুৰোধ কৰিম- এটা দল যাওক আৰু পাছপ’র্টকেইখন লৈ আহক। ভুৱা যদি পৱন খেড়াক জে’ল দিয়ক আৰু সঁচা যদি ৰিণিকি ভূঞা শৰ্মাক গুলীয়াই মাৰক। চুৰি কৰিবলৈও এটা প্রশিক্ষণ ল’ব লাগে। কংগ্ৰেছে চুৰি কৰিবলৈও নাজানে। সামাজিক মাধ্যমতো বিষয়টোক লৈ নিজ স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্রী ড° শৰ্মাই। তেওঁ কয় যে পৱন খেড়াৰ সংবাদ মেলখনে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ গভীৰ হতাশা আৰু শংকিত মনোভাবক গভীৰভাৱে প্ৰতিফলিত কৰিছে। সংবাদ মেলৰ জৰিয়তে এনে নিৰাশাজনক আৰু ভিত্তিহীন আক্রমণে তেওঁলোকৰ ডুবিলৈ ধৰা নৌকাৰ অৱস্থাক বাৰুকৈয়ে উদঙাই দিলে। অপপ্ৰচাৰৰ সীমা অতিক্ৰম কৰি কংগ্ৰেছে প্রকাশ কৰা নথি-পত্ৰত স্পষ্ট হৈছে তথ্যৰ বিসংগতি। নাম, ফটো পৰিচয়-পত্ৰ, ৰাষ্ট্ৰীয়তাৰ দৰে গভীৰ ভুল তথ্য প্ৰকাশ কৰাটো এক অপৰাধ। এয়া কেৱল ভুল তথ্যই নহয়, ই এক ব্যর্থ ডিজিটেল মেনিপুলেচন। সামাজিক মাধ্যমতে পৱন খেড়াৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ ভিতৰত অপৰাধমূলক-দেৱানী মানহানি গোচৰ তেওঁ আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাই তৰিব বুলি সদৰী কৰে। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে, কংগ্ৰেছে হতাশা আৰু তীব্র চাপৰ বশৱৰ্তী হৈ ৰাইজক বিপথে পৰিচালিত কৰিছে। এনে অপপ্ৰচাৰ আৰু জালিয়াতিত অসমৰ ৰাইজ পতিয়ন নাযায়। জনসাধাৰণে ১০০ খনতকৈও অধিক আসনত জয়ী কৰাই আমাৰ সপক্ষে জনাদেশ দিব। উল্লেখ্য যে এআইচিচিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেড়াই এক সংবাদ মেলযোগে ৰিণিকি ভূঞা শৰ্মাৰ নামত তিনিখন ৰাষ্ট্ৰ ক্ৰমে ইউএই-ইজিপ্ত-এন্টিগুৱা এণ্ড বাবুডাৰ পাছপ’র্ট থকা বুলি ভুৱা অভিযোগ উত্থাপন কৰিছিল। ইতিমধ্যে ভুৱা তথ্য আৰু কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ সহায়ত জালিয়াতিৰে সম্পূৰ্ণ ষড়যন্ত্রমূলকভাবে কংগ্রেছে এই পাছপ’র্টকেইখন প্ৰস্তুত কৰাৰ কথা উন্মোচিত হৈছে।
