পাখি

P.C.- childhood by nature
পাখি
জোনাক বিধৌত নিশাবোৰত
সপোনে দুপাখি মেলে
আকাশ ধিয়াই।
হাতীপটি দেশৰ
চিক্ মিক্ পোহৰৰ মোহত
কোনো অচিন দেশৰ ৰূপকোঁৱৰে
অনামী মায়াত ডুব গৈ
পখীৰাজ ঘোঁৰা চেকুৰায়।
এনেকুৱাতো নহয়
পাখি মেলি উৰিলেই
ঢুকি পায় আকাশ–!
এনেকুৱাতো নহয়
পাৰৰ পাখিত গুজি দিয়া চিঠিখনে
আনিব পাৰে সুখৰ আলয়–!
তথাপি পাখি মেলা হেঁপাহৰ
নাই যে অন্ত
আকুলতাৰে উৰি যায়
দিগন্ত ধিয়াই…।
আয়নাল হক , ধুবুৰী