পাখামাৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা

Pc The statsman

পাখামাৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- বাক্সাৰ পাখামাৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ।  পাখামাৰা গাঁওৰ দীলিপ বৈশ্যৰ পুত্ৰ ৰমনী বৈশ্যক অচিনাক্ত দুৰ্বৃত্তই চুৰিকাঘাত কৰি হত্যা কৰি থৈ যায় বুলি জানিব পৰা গৈছে‌ । লগতে উক্ত ঘটনাত খমেন লাহাৰীৰ পুত্ৰ ৰাকেশ লাহাৰীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। অৱশ্যে কোনে কি কাৰণত যুৱক দুজনক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰি তদন্ত । দুয়োগৰাকী যুৱককে ততাতৈয়াকৈ মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে ৰমনী বৈশ্যক মৃত বুলি ঘোষণা কৰে। লগতে ৰাকেশ লাহাৰীক উন্নত চিকিৎসাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰে।