পাকিস্তান মৰুভূমি হওক, শুকাই মৰক, এৰি নিদিওঁ সিন্ধুৰ পানীঃ কেন্দ্ৰীয় গৃহমন্ত্রী

পাকিস্তান মৰুভূমি হওক, শুকাই মৰক, এৰি নিদিওঁ সিন্ধুৰ পানীঃ কেন্দ্ৰীয় গৃহমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানক হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ। সিন্ধু জলচুক্তি আৰু কেতিয়াও মুকলি কৰা নহয় বুলি পাকিস্তানক সকীয়নি দি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয়, প্রতিৱেশী ৰাষ্ট্ৰখনে সিন্ধু জলচুক্তিৰ চৰ্তাৱলী উলংঘন কৰিছে। সেয়েহে ভাৰতে এই চুক্তি স্থগিত কৰিছে। পাকিস্তান মৰুভূমি হওক, শুকাই মৰক। তথাপিতো সিন্ধু নদীৰ পানী খুলি দিয়া নহয়। সৰ্বভাৰতীয় সংবাদ মাধ্যম এটাৰ সৈতে হোৱা সাক্ষাৎকাৰত গৃহমন্ত্রী শ্বাহে কয়-আন্তর্জাতিক চুক্তি একপক্ষীয়ভাৱে বাতিল কৰিব পৰা নাযায়। এই কাৰণে স্থগিত ৰখাৰ অধিকাৰ আছে। আমি তাকেই কৰিছোঁ। দুয়োখন দেশৰ শান্তি আৰু প্ৰগতিৰ কাৰণে এই চুক্তিৰ সূত্রপাত হৈছিল। কিন্তু পাকিস্তানে এই চর্ত উলংঘন কৰিছে। এইক্ষেত্ৰত ভাৰতৰ আন কোনো ৰাস্তা নাই। উল্লেখ্য যে জম্মু-কাশ্মীৰৰ পেহেলগামত ২২ এপ্রিলত পাক সন্ত্রাসবাদীয়ে নিৰীহ পর্যটকৰ ওপৰত বৰ্বৰ আক্রমণেৰে হত্যালীলা চলোৱাৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক সিদ্ধান্ত গ্রহণ কৰে। এই কঠোৰ কূটনৈতিক সিদ্ধান্তৰ ভিতৰত সিন্ধু জলচুক্তি স্থগিতকৰণৰ আছে। পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ প্রত্যাঘাত হিচাপে ৬-৭ মে’ৰ মাজত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদী শিবিৰত বিমানেৰে আক্ৰমণ কৰি ধ্বংসলীলা চলায়। ইয়াৰ পাছতে পাকিস্তানে ভাৰতৰ ওপৰত মিছাইল আৰু ড্রোনেৰে আক্ৰমণ কৰে যদিও ভাৰতীয় সেনাই প্রতিহত কৰি পাকিস্তানৰ ওপৰত মিছাইলেৰে আক্রমণ চলোৱাত পাকিস্তানৰ কেইবাটাও বায়ুসেনা ঘাটি বিধ্বস্ত হয়। পৰিণতিত ১০ মে’ত পাকিস্তানে আগবাঢ়ি আহি ভাৰতৰ সৈতে যুদ্ধবিৰতি চুক্তি কৰে। যুদ্ধবিৰতি চুক্তিৰ পাছত নতুন দিল্লীয়ে সিন্ধু জলচুক্তি স্থগিতকৰণ প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিব বুলি পাকিস্তানে ধাৰণা কৰিছিল যদিও ভাৰতে সেই প্রক্রিয়া অব্যাহত ৰাখে। ফলশ্রুতিত পাকিস্তান ভয়াৱহ সংকটত পৰে। উল্লেখ্যযোগ্য যে ৯ বছৰ আলোচনাৰ অন্তত ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জলচুক্তি সম্পন্ন হৈছিল। এই চুক্তিৰ জৰিয়তে ভাৰতে ২০ শতাংশ পানী লাভ কৰাৰ বিপৰীতে পাকিস্তানে ৮০ শতাংশ পানীৰ অধিকাৰ লাভ কৰিছিল। সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানে ভাৰতত সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰাৰ পৰিপ্ৰেক্ষিততে ভাৰতে এই চুক্তি স্থগিত কৰি ৰখাৰ পিছত চিৰবৈবী ৰাষ্ট্ৰখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।