পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল সাংসদ গৌৰৱ গগৈৰ পত্নীয়েঃৰিপুণ বৰা

পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল সাংসদ গৌৰৱ গগৈৰ পত্নীয়েঃৰিপুণ বৰা

 ৰঙিলী বাৰ্ত্তাসেৱা-  সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণক লৈ স্পষ্ট উত্তৰ নাই অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ওচৰতো। বৰঞ্চ সাংসদগৰাকীৰ হৈ চাফাই গাবলৈ এক সংবাদ মেল সম্বোধন কৰি দলটোৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই উত্থাপিত অভিযোগ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তিহে প্ৰদান কৰে। গৌৰৱ গগৈৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিবলৈ গৈ বৰাই স্বীকাৰ কৰে যে সাংসদগৰাকীৰ পত্নী এলিজাবেথ কলবার্নে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লাভ কৰিছিল। সেই সন্দর্ভত তেওঁ কয়- ‘পেছাগতভাৱে এজন মানুহে এনজিঅ’ত চাকৰি কৰিব পাৰে। গৌৰৱ গগৈৰ পত্নী এটা আন্তঃৰাষ্ট্ৰীয় এনজিঅ’ৰ কৰ্মচাৰী। সেয়ে চাকৰিসূত্ৰে তেওঁ পাকিস্তানত কাম কৰিছে। এনজিঅ’ৰ কাম কৰিবলৈ গৈছে। পাক চৰকাৰৰ পৰা দৰমহা লৈছে। সেইবুলি তেওঁ এজেন্ট হৈ গ’ল নেকি? বিধিসন্মতভাৱে যদি দৰমহা লয় কোনেও একো কৰিব নোৱাৰে। গৌৰৱ গগৈৰ পত্নী এলিজাবেথেই নহয়, ভাৰতৰ বহু মানুহে পাকিস্তানত চাকৰি কৰি আছে। গৌৰৱ গগৈৰ পত্নী এই এনজিঅ’ৰ সূত্রেই পাকিস্তানৰ উপৰি বিশ্বৰ বেলেগ বেলেগ দেশ ভ্রমণ কৰিছে। কর্মসূত্রে তেওঁ একাধিকবাৰ পাকিস্তানলৈ গৈছে। সেইবাবেই তেওঁৰ দেশপ্রেমক সন্দেহ কৰাৰ কি যুক্তি আছে? এনেধৰণে গৌৰৱ গগৈ কিয়, বহু ভাৰতীয় ৰাজনৈতিক নেতা, আমোলা, ব্যৱসায়ীৰ পৰিয়ালৰ লোকে পাকিস্তানত আৰু ঠিক সেইদৰে বহু পাকিস্তানী নাগৰিকে ভাৰতত বিধিসম্মতভাৱে চাকৰি বা ব্যৱসায় কৰি আছে।’ একে সময়তে সাংসদ গগৈৰ পত্নীৰ ব্ৰিটিছ নাগৰিকত্বক লৈ উঠা অভিযোগ সন্দৰ্ভতো ৰিপুণ বৰাই স্থিতি স্পষ্ট কৰিছে। ইয়াৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিবলৈ গৈ প্রদেশ কংগ্ৰেছৰ নেতাজনে কয় যে ব্রিটিছ পাছপ’র্ট শক্তিশালী বাবেহে গগৈৰ পত্নীয়ে সেই পাছপ’ৰ্ট লগত ৰাখিছে। এই সন্দর্ভত বৰাই কয়- ‘ব্রিটিছ পাছপ’ৰ্ট এলিজাবেথে ৰাখি থৈছে। তেওঁ সঘনাই বিভিন্ন দেশলৈ গৈ থাকিব লাগে। বাৰে বাৰে ভিছাৰ বাবে দূতাৱাসত গৈ সাক্ষাৎকাৰ দিয়া, শাৰী পতা বহুত অসুবিধাজনক। ব্রিটিছ পাছপ’র্ট থাকিলে ভিছাৰ কোনো দৰকাৰ নাই। এইটো এটা সুবিধা। ইমান শক্তিশালী হৈছে ব্রিটিছ পাছপ’র্ট। সেই কাৰণে তেওঁ লগত ৰাখিছে। ভাৰতীয়ৰ লগত বিয়া হোৱা এগৰাকী ব্ৰিটিছ নাগৰিকে ব্ৰিটিছ নাগৰিকত্ব আৰু ব্ৰিটিছ পাছপ’র্ট ৰখাটো কোনো আইনবিৰুদ্ধ নহয়।’ ইয়াৰ সমান্তৰালভাৱে বৰাই সাংসদ গগৈৰ দুই সন্তান সন্দর্ভতো স্থিতি স্পষ্ট কৰি কয় যে ৰাজনীতিসূত্রে গৌৰৱ গগৈ সঘনাই অসমলৈ আহি থাকিব লাগে, দেশৰ যিকোনো ৰাজ্যলৈ অহা-যোৱা কৰিব লাগে। এনেস্থলত তেওঁৰ সৰু সৰু ল’ৰা-ছোৱালীহাল কোনে চাব? স্বাভাৱিকতে মাকে চাব লাগিব। গতিকে মাকৰ তত্ত্বাৱধানত থাকিবৰ বাবেই তেওঁলোকক এতিয়াও মাকৰ নাগৰিকত্বতে ৰাখিছে। অৱশ্যে বিভিন্ন অভিযোগ সন্দর্ভত স্পষ্টীকৰণ দাঙি ধৰিলেও গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল নে নাই অথবা তাত ১৫ দিন আছিল নে নাই সেই সন্দৰ্ভত নিৰুত্তৰ প্ৰদেশ কংগ্ৰেছ। বৰঞ্চ এই সন্দৰ্ভত বৰাই সংবাদ মেলত কয় যে আমাৰ দেশৰ আইন অনুসৰি যিকোনো অভিযোগ যদি কোনোবাই আনে, সেই অভিযোগ প্রমাণ কৰাৰ দায়িত্ব অভিযোগকাৰীৰ। গৌৰৱ গগৈক পাকিস্তান ভ্রমণ সন্দর্ভত স্পষ্টীকৰণ বিচৰাসকললৈ প্রশ্ন উত্থাপন কৰি বৰাই কয়- ‘গৌৰৱ গগৈক সুধিবলৈ তেওঁলোক কোন? তেওঁলোকে সুধিলেই গৌৰৱ গগৈয়ে কিয় ক’ব? তোমালোকৰ প্রমাণ কৰাটো দায়িত্ব। যদি সঁচাকৈয়ে গৌৰৱ গগৈয়ে চোৰাংকৈ পাকিস্তানলৈ গৈ তাত ভাৰতবিৰোধী কামত লিপ্তহৈছে তাৰ প্ৰমাণ তেওঁলোকৰ হাতত আছে, তাক সদৰী কৰাৰ দায়িত্বও তেওঁলোকৰে। গৌৰৱ গগৈৰ সাংসদ বাদ  দিয়ক, কোনো সাধাৰণ মানুহো ভাৰতৰ পৰা বিদেশী ৰাষ্ট্ৰলৈ পাছপ’র্ট বা ভিছা নোহোৱাকৈ যাব নোৱাৰে।’ ইফালে সাংসদ গগৈৰ পাকিস্তান ভ্রমণ সন্দৰ্ভত এছআইটি গঠন কৰা প্ৰসংগতো ৰিপুণ বৰা সৰৱ হৈ পৰে। সংবাদ মেলত তেওঁ কয় যে অসম আৰক্ষীয়ে কংগ্ৰেছ কৰ্মী আৰু গৌৰৱ গগৈক ভয় খুৱাবলৈ এছআইটি গঠন কৰিছে। অসম আৰক্ষীয়ে গঠন কৰা এছআইটিৰ কর্তৃত্ব কেৱল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত। এই এছআইটি বাহিৰলৈ যাওক, বুঢ়া আঙুলি দেখুৱাই দিব। পাকিস্তান উচ্চায়ুক্তলৈ এছআইটি গৈছে বুলি কৈছে। কিন্তু পাকিস্তান উচ্চাযুক্তই তথ্য দিব নেকি? এছআইটিক ‘গেট আউট’ কৰি দিব। ভাৰত চৰকাৰে পাকিস্তান চৰকাৰৰ লগত যোগাযোগ কৰি এই বিষয়ত মান্তি কৰাব পাৰিলেহে এছআইটিয়ে কিবা তথ্য পাব পাৰে। অন্যথা অসম আৰক্ষীৰ এছআইটি এই বিষয়ত তদন্ত কৰিবৰ বাবে দিল্লীত থকা পাকিস্তান উচ্চাযুক্তৰ কাৰ্যালয় অথবা পাকিস্তানলৈ গ’লে তাত তেওঁলোকক কোনেও নোপোচে। এনেস্থলত অভিযোগবোৰৰ যদি সত্যতা আছে তেন্তে ভাৰত চৰকাৰে আজিপর্যন্ত অভিযোগবোৰৰ ওপৰত কিয় নিজাববীয়াকৈ তদন্তৰ ব্যৱস্থা কৰা নাই? সেয়েহে অভিযোগৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ এছআইটি গঠন কৰি ৰাইজক আভুৱা-ভাঁৰিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।