পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰতে। জম্মু-কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীৰ পৰ্যটকৰ ওপৰত বৰ্বৰ আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে পাকিস্তানী ইউটিউব চেনেলে প্ৰৰোচনামূলক আৰু সাম্প্রদায়িক সংবেদনশীল বিষয় ভুৱা আৰু বিপথগামী বৰ্ণনা, ভুল তথ্যৰে প্ৰচাৰ কৰি থকাৰ তথ্য লাভ কৰাৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদনমৰ্মে কেন্দ্ৰীয় চৰকাৰে এই ১৬ পাকিস্তানী চেনেল নিষিদ্ধ কৰে। নিষিদ্ধ চেনেলৰ ভিতৰত পাকিস্তানৰ প্ৰাক্তন ক্রিকেটাৰ ছোৱেইব আখতাৰৰ চেনেল এটাও আছে। নিষিদ্ধ চেনেলকেইটা হৈছে-ডন নিউজ, ঈছাদ ভাটি, ছামা টিভি, আৰী নিউজ, বল নিউজ, ৰাফটাৰ, পাকিস্তান ৰেফাৰেঞ্চ, জিঅ’ নিউজ, ছামা স্প’র্টছ, জিএনএন, উজাইৰ ক্রিকেট, ওমৰ সীমা এক্সক্লুছিভ, আছমা ছিৰাজী, মুনিব ফাৰুক, ছুন’ নিউজ এইচডি আৰু ৰাজীনামা। উল্লেখ্য যে এই চেনেলকেইটাৰ গ্ৰাহক আৰু অনুৰাগীৰ সংখ্যা ৬৩ নিযুত। পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক স্থিতি গ্ৰহণ কৰা কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানী চেনেলকেইটা নিষিদ্ধ ঘোষণা কৰিছে।