পাকিস্তানৰ সকীয়নিক প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

পাকিস্তানৰ সকীয়নিক প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতে সিন্ধু নদীৰ পানী বন্ধ কৰাৰ পিছত চীনৰ ওপৰত নিৰ্ভৰ কৰি নতুন অপপ্ৰচাৰৰ আশ্ৰয় লৈছে পাকিস্তানে ।পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ অন্যতম ঘনিষ্ঠ সহযোগী ৰাণা এহছান আফজলে শেহতীয়াকৈ দাবী কৰিছিল যে ভাৰতে পাকিস্তানত সিন্ধু নদীৰ পানী বন্ধ কৰাৰ দৰেই চীনেও ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ সোঁত বন্ধ কৰি ভাৰতক বিপদত পেলাব পাৰে। চীনৰ ভৰসাত ব্ৰহ্মপুত্ৰক লৈ পাকিস্তানৰ এই ভাবুকিৰ পিছতে ইয়াৰ প্ৰত্যুত্তৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।  যদি চীনে ব্রহ্মপুত্ৰৰ পানী ভেটা দিয়ে ভাৰতৰ কি হ’ব? ভাৰতৰ একো নহয়। পাকিস্তানৰ ভ্ৰান্ত ধাৰণাসমূহ তথ্যৰ আধাৰত নস্যাৎ কৰি অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পাকিস্তানক প্রত্যাহ্বান জনাই ব্রহ্মপুত্র সন্দর্ভত কেতবোৰ তথ্য দাঙি ধৰে। ভাৰতে নিৰ্ণায়ক সিদ্ধান্তৰে আওপুৰণি সিন্ধু জলচুক্তিক স্থগিতকৰণৰ পাছত পাকিস্তানৰ ভাবুকিৰ প্ৰতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড° শর্মাই ব্রহ্মপুত্র নদী সন্দৰ্ভত কয়- ব্ৰহ্মপুত্ৰ ভাৰততে বিশাল ৰূপ লোৱা এটা নদী। ই সংকুচিত নহয়। চীনে ব্ৰহ্মপুত্ৰৰ মুঠ বোৱঁতী পানীৰ মাত্র ৩০-৩৫ শতাংশহে যোগান ধৰে। ইয়াৰে অধিকাংশ হিমবাহ গলন আৰু তিব্বতৰ সীমিত বৃষ্টিপাতৰ পৰা বোৱা পানী। বাকী ৬৫-৭০ শতাংশ পানী ভাৰতৰ পৰাই সৃষ্টি হয়। অৰুণাচল প্রদেশ, অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বাৰিষাৰ বৃষ্টিপাতৰ পৰাই ব্ৰহ্মপুত্ৰ নদীৰ বোৱতী পানীৰ অধিকাংশ। বিশেষকৈ সোৱণশিৰি, লোহিত, কামেং, মানস, ধনশিৰি, জীয়াভৰলী আৰু কপিলী নদীৰ পানীৰে ব্ৰহ্মপুত্ৰ চিৰ প্ৰৱাহমান হৈ থাকে। তেনেদৰে খাচি, গাৰো আৰু জয়ন্তীয়া পাহাৰৰ পৰা বোৱা কৃষ্ণাই, ডিগাৰু আৰু কুলশীয়ে ব্ৰহ্মপুত্ৰৰ বোৱতী পানীত অৰিহণা যোগায়। চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰাৰ পাকিস্তানৰ কল্প কাহিনীক প্রত্যাহ্বান জনাই মুখ্যমন্ত্রী ড° শর্মাই কয় যে চীনে কেতিয়াও ব্রহ্মপুত্ৰক ভেটা দিয়াৰ ভাবুকি দিয়া নাই। যদি চীনে এই পদক্ষেপ গ্রহণ কৰে, তেতিয়া হ’লে ব্ৰহ্মপুত্ৰৰ উপৰিভাগৰ পানী হ্রাস পালে অসমৰ বছৰেকীয়া বানৰ সৈতে মোকাবিলা কৰিব পৰা যাব। পৰোক্ষভাৱে ভাৰত উপকৃত হ’ব। যাৰ ফলত লাখ লাখ লোক ভগনীয়া আৰু জীৱিকা বিনাশ কৰা পৰিস্থিতিৰ পৰা মুক্ত হ’ব পৰা যাব। এই নদীখন ভাৰত আৰু চীনৰ সীমান্ত (টুটিঙ)ত প্রতি ছেকেণ্ডত ২,০০০-৩,০০০ ঘনমিটাৰ পানী বয়। কিন্তু অসমৰ সমভূমিত বিশেষকৈ গুৱাহাটীত বাৰিষাৰ সময়ত নদীখনত প্ৰতি ছেকেণ্ডত ১৫,০০০-২০,০০০ ঘনমিটাৰ পানী বয়। ব্রহ্মপুত্র সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰি কয় যে ভাৰতৰ এটা নদী ব্ৰহ্মপুত্ৰ, যি উপৰিভাগৰ ওপৰত নিৰ্ভৰশীল নহয়। বৰষুণ আধাৰিত ভাৰতীয় নদী ব্যৱস্থা, যিটো ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ পাছতেই শক্তিশালী হৈ উঠে। তদুপৰি ড° শৰ্মাই কয়- ব্ৰহ্মপুত্ৰ একক উৎসৰ দ্বাৰা নিয়ন্ত্রিত নদী নহয়। ই আমাৰ ভৌগলিক স্থিতি, আমাৰ মৌচুমী আৰু আমাৰ সভ্যতাগত স্থিতিস্থাপকতাৰ দ্বাৰা শক্তিশালী। ইফালে, পাকিস্তানে সিন্ধু জলচুক্তিৰ অধীনত যোৱা ৭৪ বছৰ ধৰি ভাৰতৰ পৰা বৈ যোৱা পানীৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰি অভ্যস্ত হৈ যোৱাৰ পাছত এতিয়া শংকাত ভুগিছে। যিহেতুকে ভাৰতে এতিয়া নিজৰ সাৰ্বভৌম অধিকাৰৰ কথা মনত পেলাই দিছে।