পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে

পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ পিছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত সুৰক্ষা সম্পর্কীয় কেবিনেট কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত চিচিএছৰ বৈঠকত চিৰবৈৰী ৰাষ্ট্ৰ সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত গ্রহণ কৰা হয়। পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণত পাক সন্ত্রাসবাদী জড়িত থকাৰ পৰিপ্ৰেক্ষিততেই চিচিএছৰ বৈঠকত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়। কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি দশক দশক পুৰণি সিন্ধু জল চুক্তি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হ’ব। আটাৰী সীমান্ত চকী বন্ধ ৰখা হ’ব। বৈধ অনুমোদনৰ সৈতে যিসকলে সীমান্ত পাৰ হৈছে, তেওঁলোকে ২০২৫ চনৰ ১ মে’ৰ পূর্বেই সেই পথেৰেই উভতি যাব লাগিব। পাকিস্তানী নাগৰিকসকলক ভাৰত ভ্ৰমণৰ অনুমতি দিয়া নহ’ব। পাকিস্তানী নাগৰিকৰ বাবে অনুমোদিত এছপিইএছ ভিছা বাতিল কৰা হৈছে। এছপিইএছ ভিছাৰ অধীনত বর্তমান ভাৰতত থকা যিকোনো পাকিস্তানী নাগৰিকে ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব। ইপিনে নতুন দিল্লীস্থিত পাকিস্তানী উচ্চাযুক্তৰ প্ৰতিৰক্ষা, সামৰিক, নৌসেনা আৰু বায়ুসেনাৰ উপদেষ্টাসকলক পাৰছনা নন গ্ৰাটা ঘোষণা কৰা হৈছে। তেওঁলোকে এসপ্তাহৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব। তেনেদৰে ভাৰতেও ইছলামাবাদস্থিত উচ্চায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ সংখ্যা হ্রাস কৰিব। লক্ষণীয় যে পাকিস্তানী নাগৰিকক চাৰ্ক ভিছা দিয়া নহ’ব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক মন্ত্রী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু বিভিন্ন বিভাগীয় শীর্ষ আমোলাই অংশগ্রহণ কৰা বৈঠকখন প্রায় দুঘণ্টা ধৰি চলে। বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক পেহেলগামৰ আক্ৰমণৰ লগতে ইয়াৰ পিছৰ পৰিস্থিতিৰ বিতং ব্যাখ্যা আগবঢ়ায় গৃহমন্ত্রী শ্বাহে। মন কৰিবলগীয়া যে মঙলবাৰে দিন-দুপৰতে পেহেলগামত পাক সন্ত্রাসবাদীয়ে পৰ্যটকৰ ওপৰত ভয়াৱহ আক্ৰমণ চলোৱাৰ পৰিপ্ৰেক্ষিতত ছৌদি আৰব ভ্ৰমণ চমু কৰি বুধবাৰে প্রধানমন্ত্রী নতুন দিল্লীত উপস্থিত হয়। ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীৰ সকলো কার্যসূচী বাতিল কৰি সন্ধিয়া তেওঁৰ চৰকাৰী বাসভৱনত চিচিএছৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। মন কৰিবলগীয়া যে পেলেহগামৰ সন্ত্রাসবাদী আক্রমণক লৈ কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত লয় তাক বিৰোধী দলসমূহে পূর্ণ সমর্থন জনাব বুলি প্রকাশ কৰিছে।