পাকিস্তানৰ বিমান আক্ৰমণত আফগানিস্তানত ৩ ক্ৰিকেটাৰ নিহত

Pc Business Standard

পাকিস্তানৰ বিমান আক্ৰমণত আফগানিস্তানত ৩ ক্ৰিকেটাৰ নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- যুদ্ধবিৰতি ভংগ কৰি আফগানিস্তানত পুনৰ ভয়াৱহ আক্ৰমণ চলাই পাকিস্তানে।  শুকুৰবাৰে সন্ধিয়া আফগানিস্তানৰ অভ্যন্তৰণত পাকিস্তানে বিমানেৰে আক্ৰমণ কৰে। এই আক্ৰমণত ৩ ক্ৰিকেটাৰসহ ১০ জন লোকৰ মৃত্যু হয় ।  দুয়োপক্ষৰ বহুসংখ্যক সামৰিক আৰু অসামৰিক লোক নিহত হোৱাৰ পিছত ৪৮ ঘণ্টীয়া যুদ্ধবিৰতিৰ ফলত প্ৰায় এসপ্তাহ ধৰি চলি থকা ৰক্তাক্ত সীমান্ত সংঘৰ্ষত ইতি পৰিছিল। পাকিস্তানৰ এই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে তালিবানৰ এগৰাকী শীৰ্ষ বিষয়াই। আফগানিস্তানৰ পাক্তিকা প্ৰদেশৰ তিনিটা স্থানত পাকিস্তানে এই বোমা বিস্ফোৰণ ঘটোৱা বুলি জানিব পৰা গৈছে। পাকিস্তানৰ আক্ৰমণত ৩জন ক্ৰিকেটাৰসহ ১০জন লোক নিহত হোৱাৰ খবৰ নিশ্চিত কৰিছে আফগান প্ৰশাসনে। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডেও ক্ৰিকেটাৰকেইগৰাকীৰ মৃত্যুৰ বিষয়ে প্ৰকাশ কৰি শোক প্ৰকাশ কৰিছে। এখন প্ৰতিযোগিতাৰ বাবে অঞ্চলটোত থকা তিনিজন খেলুৱৈৰ মৃত্যু হৈছে । অৱশ্যে প্ৰথমতে ইয়াৰ সংখ্যা ৮ জন বুলি কোৱা হৈছিল ।মৃত্যু হোৱা ৩গৰাকী খেলুৱৈ হৈছে কবীৰ, ছিবগতুল্লাহ আৰু হাৰুন। ইয়াৰ উপৰি ব’ৰ্ডে কৈছে অহা মাহত অনুষ্ঠিত হ’বলগীয়া পাকিস্তানসহিতে আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলাৰ পৰাও আফগানিস্তানে নাম প্ৰত্যাহাৰ কৰিছে ।