পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক তোষাখান গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ইছলামাবাদৰ এখন আদালতে ইমৰানক তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰে। ইয়াৰোপৰি ইমৰান খানক ১ লাখ টকাৰ জৰিমণাও বিহিছে। ১ লাখ টকা জৰিমণা হিচাপে আদায় নিদিলে তেওঁ অতিৰিক্ত ভাৱে ৬ মাহ জেল খাটিব লাগিব। পূৰ্বৰ পাক প্ৰধানমন্ত্ৰীগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই ৰায়ৰ ফলস্বৰূপে তেওঁ পাঁচ বছৰৰ বাবে পাকিস্তানৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব। পিটিআইৰ প্ৰধান ইমাৰন খানৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হৈ আছে। যাৰ ভিতৰত তোষাখানা গোচৰ আছিল অন্যতম। এই গোচৰতে দোষী সাব্যস্ত কৰি ইমৰান খানক ৩ বছৰৰ কাৰাদণ্ড বিহা হৈছে। ২০১৮ চনৰ পৰা ২০২২ পৰ্যন্ত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বত থকাৰ সময়ত পদৰ অপব্যৱহাৰ কৰাৰ অভিযোগ ইমৰান খানৰ বিৰুদ্ধে। প্ৰধানমন্ত্ৰী হিচাপে পোৱা উপহাৰ সামগ্ৰী চৰকাৰী ভাণ্ডাৰ বা তোষাখানাত জমা নকৰি বিপুল অৰ্থৰ বিনিময়ত বিক্ৰী কৰি দিছিল তেওঁ। পাকিস্তানৰ আইন অনুসৰি বিভিন্ন ৰাষ্ট্ৰপ্ৰধানে যি উপহাৰ দিয়ে সেয়া পাক তোষাখানত জমা কৰি ৰাখিব লাগে।