পাকিস্তানৰ তিনিভাগৰ এভাগ অঞ্চল এতিয়া পানীৰ তলত

Pc BBC

পাকিস্তানৰ তিনিভাগৰ এভাগ অঞ্চল এতিয়া পানীৰ তলত

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তানত বানে সর্বনাশ কৰাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশখনত বানত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ প্রতি ‘আন্তৰিক সমবেদনা’ জনায়।টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়,‘পাকিস্তানত বানে কৰা বিধ্বংস দেখি শোকাহত।আমি নিহতসকলৰ পৰিয়াল, আহতসকল আৰু এই প্ৰাকৃতিক দুর্যোগত আক্রান্ত সকলোৰে প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু সোনকালেই পৰিস্থিতি স্বাভাৱিক হোৱাৰ আশা কৰিছোঁ।’উল্লেখযোগ্য প্রলয়ংকৰী বানত সোমবাৰলৈকে ১,১৩৬জন লোকৰ মৃত্যু হৈছে আৰু ১,৬৩৪ জন আহত হৈছে।আনহাতে, ৩ কোটি ৩০ লাখ লোক এইবানত ভগনীয়া হৈছে।এয়া হৈছে দেশখনৰ মুঠ জনসংখ্যাৰ সাত ভাগৰ এক অংশ।আনহাতে, পাকিস্তানৰ তিনিভাগৰ এভাগ অঞ্চল এতিয়া পানীৰ তলত আছে।