পাকিস্তানৰ গোলাবৰ্ষণত অভিভাকত্বহীন হোৱা ২২ শিশুৰ দায়িত্ব ল’ব ৰাহুল গান্ধীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি গৈছিল সমগ্ৰ দেশ। সন্ত্ৰাসবাদীৰ এই বৰ্বৰ আক্ৰমণে প্ৰাণ কাঢ়ি নিছিল ২৬ জন লোকৰ পেহেলগামৰ এই আক্ৰমণৰ পিছত ভাৰতীয় সেনাই প্ৰতিশোধ হিচাপে অপাৰেচন সেন্দূৰ আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তে ভাৰতে পাকিস্তানত ৯টা সন্ত্ৰাসবাদী ঘাটি স্থান ধ্বংস কৰে। ভাৰতৰ এই অপাৰেচন সেন্দূৰৰ পিছত প্ৰায় ৪ দিন দুয়োখন দেশৰ মাজত সামৰিক সংঘাত দেখা যায়।পাকিস্তানৰ সৈতে হোৱা সংঘাতৰ সময়ত ভাৰতৰ বহু সাধাৰণ লোকে প্ৰাণ হেৰুৱাইছিল। সংঘৰ্ষৰ সময়ত এইদৰে আত্মীয়–স্বজনক হেৰুৱাই অভিভাৱকত্বহীন হৈ পৰে ২২ টাকৈ শিশু।এতিয়া এই শিশুকেইটিৰ দায়িত্ব লোৱাৰ বাবে আগবাঢ়ি আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। তেওঁ এই শিশুকেইটাক পালিত সন্তান হিচাপে অৰ্থাৎ ‘দত্তক’ ল’ব । জম্মু-কাশ্মীৰ কংগ্ৰেছৰ সভাপতি তাৰিক হামিদ কাৰৰাই কয় যে স্নাতক উত্তীৰ্ণ নোহোৱা পৰ্যন্ত শিশুসকলৰ শিক্ষাৰ খৰচ লোকসভাত বিৰোধী দলপতিগৰাকীয়ে বহন কৰিব । বুধবাৰে আৰ্থিক সাহায্যৰ প্ৰথম কিস্তি মুকলি কৰা হ’ব । সভাপতি কাৰৰাই কয় যে মে’ মাহত পুঞ্চ ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে দলৰ নেতাসকলক ক্ষতিগ্ৰস্ত শিশুৰ তালিকা এখন যুগুত কৰিবলৈ নিৰ্দেশ দিছিল । তাৰ পিছত এক সমীক্ষা কৰি চৰকাৰী তথ্যৰ পৰা পৰীক্ষণৰ পিছত চূড়ান্ত তালিকা প্ৰস্তুত কৰা হয় । ৰাহুল গান্ধীয়ে ২৪ মে’ত পুঞ্চলৈ গৈ স্থানীয় এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিছিল আৰু তেওঁলোকক কৈছিল যে “চিন্তা নকৰিব, কাৰণ পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হ’ব” । তেওঁলোকৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত ৰাহুল গান্ধীয়ে কৈছিল, “তোমালোকে কিছু বিপদ আৰু ভয়ংকৰ পৰিস্থিতি প্ৰত্যক্ষ কৰিছে । কিন্তু চিন্তা নকৰিব, সকলো স্বাভাৱিক হ’ব । এই সমস্যাৰ প্ৰতি তোনালোকৰ সঁহাৰি জনোৱাৰ ধৰণ হ’ব লাগে কঠোৰভাৱে পঢ়া-শুনা কৰা । তোমালোকে সঁচাকৈয়ে কঠোৰভাৱে খেলত নিমগ্ন হোৱা আৰু স্কুলত যিমান সম্ভৱ পাৰা বন্ধুত্ব গঢ়ি তোলা ।”